নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও প্ৰশাসনে বন্ধ কৰিলে পেট্ৰ’ল ডিপো

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : মৰিগাঁও নগৰৰ জিলা পুথিভঁৰালৰ সমীপত থকা মৰিগাঁও ছাৰ্ভিচ ষ্টেশ্যন নামৰ পেট্ৰ’ল ডিপোটো আজি জালিয়াতিৰ অভিযোগত জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অতিৰিক্ত জিলা আয়ুক্ত বিমান দাস আৰু ডঃ সংগীতা বৰঠাকুৰৰ লগতে বৈধ পৰিমাপ বিভাগৰ পৰিদৰ্শক অমল কুমাৰ শৰ্মাক লগত লৈ পেট্ৰ’ল ডিপোটোত আকস্মিকভাৱে অভিযান চলায়। এই অভিযানকালত অভিযানকাৰী দলটোৱে প্ৰতি ৫ লিটাৰ পেট্ৰ’লত ২৪০ মিলিলিটাৰতকৈও অধিক তেল গ্ৰাহকক কমকৈ যোগান ধৰাটো প্ৰমাণিত হয়। জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে লগে লগে পেট্ৰ’ল ডিপোটো বন্ধ কৰি দিয়া হয়। পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে পেট্ৰ’ল ডিপোটো পুনৰ খুলিব নোৱাৰিব। জিলা আয়ুক্তগৰাকীয়ে গ্ৰাহকৰ প্ৰতি এনে প্ৰবঞ্চনামূলক কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে। তেওঁ কয় যে গ্ৰাহকৰ বাবে ন্যায় প্ৰদান সুনিশ্চিত কৰাটো জিলা প্ৰশাসনৰ দায়িত্ব। এনে প্ৰবঞ্চনাৰ ক্ষেত্ৰত কেতিয়াও কোনো কাৰণতে আপোচ কৰা নহ’ব বুলি তেওঁ সকিয়াই দিয়ে। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে জিলাখনৰ প্ৰতিগৰাকী দণ্ডাধীশকেই এইদৰে আকস্মিকভাৱে পেট্ৰ’ল ডিপো, ব্যৱসায় প্ৰতিষ্ঠান আদি পৰিদৰ্শন কৰিবলৈ তেওঁ নিৰ্দেশ দিছে। গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিত কৰাটো জিলা প্ৰশাসনৰ দায়িত্ব আৰু কৰ্তব্য বুলি তেওঁ দোহাৰে। উল্লেখযোগ্য যে জিলা উন্নয়ন সমিতিৰ যোৱা মাহৰ বৈঠকত জিলা আয়ুক্তগৰাকীয়ে বৈধ পৰিমাপ বিভাগক জিলাখনৰ পেট্ৰ’ল ডিপো আৰু সুলভ মূল্যৰ দোকানসমূহত অভিযান চলাবলৈ নিৰ্দেশ দিছিল। আজি জিলা আয়ুক্তগৰাকীয়ে জাগীৰোডৰ তৃপ্তি ছাৰ্ভিচ ষ্টেশ্যন আৰু নেলীৰ ৰীণা ছাৰ্ভিচ ষ্টেচনতো অভিযান চলায়। অৱশ্যে দুয়োটা পেট্ৰ’ল ডিপোতে কোনোধৰণৰ অনিয়ম সংঘটিত হোৱা নাই বুলি প্ৰমাণিত হয়। অভিযানকাৰী দলটোত যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানো আছিল।

প্ৰেৰক প্ৰতাপ হাজৰিকা

You might also like