নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাই এইবাৰ পৰাজয়ৰ অভিলেখ গঢ়িব : পীয়ূষ হাজৰীকা

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ বিজেপিৰ উদ্যোগত আজি জোনাইৰ মিচিং কৃষ্টি ভৱন প্ৰাংগণত নৱগঠিত ৮০ নং জোনাই বিধানসভা সমষ্টিভিত্তিক বিশাল গণ সমাৱেশ এখন অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। উক্ত সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই আদৰণী ভাষণ আগবঢ়ায়। মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰি দিয়া ভাষণত অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ জাতীয় কৃষি ভিত্তিক উৎসৱ আলি-আয়ে লৃগাঙক মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ অন্তৰ্গত দহখন জিলাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি সাপেক্ষে বন্ধ ৰাজহুৱাকৈ ঘোষণা কৰে। তদুপৰি সভাত মন্ত্ৰী পীয়ূষ হাজৰীকাই ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ন আঁচনিৰ জয়গান গাই কংগ্ৰেছসহ বিৰোধী মিত্ৰ দলক চোকা সমালোচনা কৰি কয় যে কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী পাহাৰ ভৈয়ামত নচলে, চলে মাত্ৰ মুছলমান অধ্যুষিত চৰ এলেকাতহে । কেইবাসহস্ৰ লোকৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাখনত মন্ত্ৰী হাজৰিকাই লগতে কংগ্ৰেছ কেতিয়াও চৰকাৰ কৰিব নোৱাৰে আৰু ভূপেন বৰাই এইবাৰো নিৰ্বাচনত হাৰি পৰাজয়ৰ অভিলেখ গঢ়িব বুলি তীব্ৰ কটাক্ষ কৰে। ইপিনে সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ পূৰ্বে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে ভাষণ প্ৰদান কৰি বিৰোধী দলৰ অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু বদৰুদ্দিন আজমল আদিয়ে বিজেপি চৰকাৰৰ উন্নয়নবোৰ নেদেখে বুলি তীব্ৰ সমালোচনা কৰে।

#বাৰ্তা ডেস্ক

You might also like