নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী ঐক্যক আত্মসহায়ক গোটৰ লগত তুলনা জয়ন্ত মল্ল বৰুৱাৰ

🔴৮৫৫ জনক হত্যা কৰা দলৰ শ্বহীদৰ দলেৰে মিত্ৰতা হাস্যকৰ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ বিৰোধী ঐক্য হ’ল ১৮ টা আত্মসহায়ক গোটৰ দৰে। তাৰে এটা আত্মসহায়ক গোটে ৮৫৫ জন শ্বহীদ হেৰুৱাইছে আৰু তাৰে আন এটা আত্মসহায়ক গোটে ৮৫৫ জন শ্বহীদক হত্যা কৰিছে৷ গতিকে তেনেকুৱা দলৰ মাজত মিত্ৰতা কেনেদৰে সম্ভৱ! কাৰণ দুই মেৰু কেতিয়াও সংযোগ হব নোৱাৰে৷ আত্মসহায়ক গোটসমূহৰো এটা idology থাকে কিন্তু বিৰোধী ঐক্যৰ কোনো idology নাই৷ বিৰোধী ঐক্যই যি সভা পাতে BPM জনে মাতিলেও বজালীত 100টা আত্মসহায়ক গোট লগ হব বুলি আজি বিৰোধী ঐক্যক তীব্ৰ কটাক্ষ কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি পাঠশালাত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে ভাৰতত থাকিবলৈ হলে ভাৰতীয় সনাতনী সভ্যতা সংস্কৃতিক সন্মান কৰিব লাগিব, নহলে মন্ত্ৰী বিধায়ক যিয়েই নহলেও তেওঁলোকক দেশদ্ৰোহী হিচাবে বিবেচনা কৰা হব৷ কাৰণ ভাৰতীয় সনাতনী সভ্যতাৰ আবেগ অনুভূতিক আঘাত হানিব পৰা কথা কোনোবাই ক’লে তেওঁৰ বিৰুদ্ধে ভাৰতীয় সংবিধানৰ ধাৰা অনুসৰি অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে কথা কওতে সাবধান হবলৈ মন্ত্ৰী বৰুৱাই কয়।তেওঁ আৰু কয় যে বদৰুদ্দিন আজমলে যাক প্ৰতিনিধিত্ব কৰে তেওঁ সাংসদ হলেও অসমীয়া মানুহে মিয়া মুছলমানক মনেৰে মানি লব নিবিচাৰে, গতিকে শংকৰ সংঘ, সাহিত্য সভাৰ দৰে জাতীয় সংগঠন সমূহে পৰম্পৰাৰ নামত সেৱা গ্ৰহণ কৰা বা সাংসদ বুলি নিমন্ত্ৰণ জনোৱা কাৰ্যই অসমীয়া মানুহৰ মনত দুখ দিয়়ে৷ তেনেধৰণৰ কাম জাতীয় সংগঠনবোৰে নকৰিলে ভাল বুলি মন্তব্য কৰি হাইদৰ হুছেইনক নিমন্ত্ৰণ জনালে গাত নালাগে কিন্তু বদৰুদ্দিন আজমলক মাতিলে গাত লাগে বুলি তেওঁ তাৎপয্যপূৰ্ণ মন্তব্য কৰে।

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like