নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইলট-গেহলট দ্বন্দ্ব নিৰাময়ত ৰাহুলৰ হাত!

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ ৰাজস্থানত কংগ্রেছৰ বাবে মূল প্রত্যাহ্বান হৈছে অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ দ্বন্দ্ব৷ নির্বাচনৰ পূর্বে দুয়োগৰাকী নেতাৰ দ্বন্দ্বৰ বাবে কংগ্রেছে পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ কংগ্রেছ ক্ষমতালৈ আহিলে কোন নতুন মুখ্যমন্ত্রী হ’ব বুলি আজি শচীন পাইলটক সাংবাদিকে কৰা এক প্রশ্নৰ উত্তৰত শচীন পাইলটে কয় যে নির্বাচিত বিধায়ক আৰু শীর্ষ নেতৃত্বই এই সন্দর্ভত সিদ্ধান্ত ল’ব৷ জ্যেষ্ঠ কংগ্রেছ নেতাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ৰাহুল গান্ধীয়ে তেওঁক ক্ষমাশীল হৈ পুৰণা দ্বন্দ্ব পাহৰি ভৱিষ্যতৰ দিশত আগুৱাই যাবলৈ পৰামর্শ দিছে৷ এই পৰামর্শ পালন কৰি কংগ্রেছৰ ঐক্য অটুট ৰখা বুলি উল্লেখ কৰে ৰাজস্থানৰ কংগ্রেছ নেতা শচীন পাইলটে৷

#বাৰ্তা ডেস্ক

You might also like