নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে৷ সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে ছ’চিয়েল মিডিয়া এক্সত উল্লেখ কৰা অনুসৰি আগন্তুক ৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ চলিব সংসদৰ এই শীতকালীন অধিৱেশন৷ এই ১৯ দিনৰ ভিতৰত ১৫খন বৈঠক হ’ব লোকসভাত৷ নতুন সংসদ ভৱনত প্রথমবাৰৰ বাবে সম্পূর্ণ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ ছেপ্টেম্বৰ মাহত ভৱন উদ্বোধনৰ সময়ত বিশেষ অধিৱেশন আহ্বান কৰিছিল কেন্দ্রীয় চৰকাৰে৷ এই বিশেষ অধিৱেশনত ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়৷ সাধাৰণতে নৱেম্বৰ মাহত সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হয়৷ কিন্তু পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ বাবে শীতকালীন অধিৱেশন পিছুৱাই দিয়া হৈছে৷ আগন্তুক ৩ ডিচেম্বৰত পাঁচ ৰাজ্যৰ নির্বাচনৰ ফলাফল প্রকাশ পাব৷

#বাৰ্তা ডেস্ক

You might also like