নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকল্প নদীপথেৰে ধুবুৰীত উপস্থিত ২৭ বিদেশী পৰ্যটক

🔹 ড্ৰেজিং কৰিও সম্পূৰ্ণৰূপে মুকলি হোৱা নাই ধুবুৰী-বাংলাদেশৰ মাজৰ পোনপটীয়া জলপথ 

🔹 বৰলুইতৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : ধুবুৰীত বৰলুইতৰ জলস্তৰ অস্বাভাৱিকভাবে হ্ৰাস পোৱাৰ ফলত ভূটান-ভাৰত-বাংলাদেশৰ মাজত নদীপথেদি চলি থকা ত্ৰিপাক্ষিক আমদানি-ৰপ্তানিৰ বাণিজ্যিক ক্ষেত্ৰখনত প্ৰভাৱ পৰাৰ সমান্তৰালকৈ আন্তর্জাতিক নদী পৰ্যটনৰ ক্ষেত্ৰখনতো সৃষ্টি কৰিছে বাধা। অৱশ্যে বিগত কেইদিনমানৰ পৰা ড্ৰেজাৰেৰে ধুবুৰীৰ পঞ্চুঘাটস্থিত নদী বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ জলপথত খননৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে আৰম্ভ হোৱা দেখা গৈছে। কিন্তু এতিয়াও সেই জলপথেৰে ধুবুৰী আৰু বাংলাদেশৰ মাজত চলাচল কৰিব পৰা নাই মালবাহী জলযান। ফলত বিগত ১০ দিনৰ পৰা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ধুবুৰী আৰু বাংলাদেশৰ মাজৰ জলপথীয় বাণিজ্য। উল্লেখ্য যে ধুবুৰীৰ পঞ্চুঘাটস্থিত অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নদী বন্দৰত বৰ্তমানে ৫খনকৈ মালবাহী জলযানকে ধৰি সেইকেইখনৰ ২০গৰাকীকৈ বাংলাদেশী কৰ্মচাৰী আবদ্ধ হৈ আছে। ইপিনে, আজি দুপৰীয়াৰ পিনে পশ্চিমবংগৰ কলকাতাৰ পৰা পৰ্য্যটক লৈ অসমৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰা বিলাসী প্ৰমোদতৰী এখন আজি বাংলাদেশ হৈ বৰলুইতেৰে প্ৰৱেশ কৰিছে ধুবুৰীৰ নদী বন্দৰত। অৱশ্যে ধুবুৰী আৰু বাংলাদেশৰ মাজৰ জলপথৰ কিছু অংশত লুইতৰ জলস্তৰৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আৰ ভি কিনডাট পান্ডোয়া নামৰ সেই প্ৰমোদতৰীখন ফকিৰগঞ্জ হৈ বিকল্প এক দীঘলীয়া নদীপথেৰে উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ পঞ্চুঘাটস্থিত অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নদী বন্দৰত থকা পাৰপত্ৰ বিভাগৰ কাৰ্যালয়ত সম্পন্ন কৰা হয় ২৭গৰাকী বিদেশী পৰ্যটককে ধৰি সেইখনৰ ২১গৰাকী কৰ্মচাৰীৰ ভিছা আৰু যাৱতীয় নথি-পত্ৰ পৰীক্ষণৰ কাম-কাজ। জানিব পৰা মতে, প্ৰমোদতৰীখনেৰে অসমলৈ আহিছে ১২গৰাকী অষ্ট্ৰেলিয়াৰ, ১গৰাকী অমেৰিকাৰ, ব্ৰিটেইনৰ ৭গৰাকী, কানাডাৰ ৪গৰাকী, ছুইজাৰলেণ্ডৰ ২গৰাকী আৰু আয়াৰলেণ্ডৰ ১গৰাকী পৰ্যটক। উল্লেখ্য যে বিগত ১৮ জানুৱাৰীৰ দিনা বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা তথা বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ বুলি আখ্যায়িত এম ভি গংগা বিলাস নামৰ বিলাসী প্ৰমোদতৰীৰে নদী পৰ্য্যটনৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিছিল। বিগত ১৭ ফেব্ৰুৱাৰীত ২৮গৰাকী বিদেশী পৰ্য্যটক লৈ সেইখন বাংলাদেশৰ পৰা বৰলুইতেৰে ধুবুৰীৰ নদী বন্দৰেৰ প্ৰৱেশ কৰিছিল অসমলৈ। ইয়াৰ পিছত বিগত ১৬ অক্টোবৰৰ দিনা চৰাইদেউ-২ নামৰ আন এখন বিলাসী প্ৰমোদতৰীৰে বাংলাদেশৰ ঢাকাৰ পৰা বৰলুইতেৰে ধুবুৰী হৈ অসমলৈ আহিছিল ৫গৰাকী ব্ৰিটিছ নাগৰিককে ধৰি ১১জনীয়া এটা পৰ্যটকৰ দল। এইদৰে নদীপথেদি আৰম্ভ হোৱা পৰ্যটনে ধুবুৰীকে ধৰি ৰাজ্যৰ বৰলুইত সংলগ্ন বিভিন্ন স্থানৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত এক ইতিবাচক প্ৰভাব পেলাব বুলিও আশা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ শীত অহাৰ লগে লগে ধুবুৰীত বৰলুইতৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ঘটনাই নদী পৰ্য্যটনৰ ক্ষেত্ৰকে ধৰি ধুবুৰী নদী বন্দৰেৰে বাংলাদেশৰ সৈতে আৰম্ভ হোৱা আমদানি-ৰপ্তানিৰ ক্ষেত্ৰতো ঋণাত্মক প্ৰভাব পেলোৱাৰ এক আশংকাৰ উদয় ঘটাইছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like