নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ভিতৰতে সর্বাধিক যক্ষ্মা আক্রান্ত লোকৰ বাসভূমি ভাৰত

🔹 ‘হু’ৰ নতুন প্রতিবেদনত চাঞ্চল্যকৰ তথ্য

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : বিশ্বৰ ভিতৰতে যক্ষ্মা আক্রান্ত ৰোগীৰ সংখ্যা ভাৰতত আটাইতকৈ বেছি৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ এক প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ ১৯২খন দেশৰ মাজত চলোৱা সমীক্ষাৰ ভিত্তিত যুগুত কৰা হৈছে এই প্রতিবেদন৷ ২০২২ চনত বিশ্বজুৰি মুঠ ৭৫ লাখ লোক যক্ষ্মাত আক্রান্ত হৈছে৷ তাৰ ভিতৰত ২৮.২ লাখ লৈকে হৈছে ভাৰতৰ৷ অর্থাৎ যক্ষ্মা আক্রান্তৰ ২৭ শতাংশ ৰোগীয়েই ভাৰতৰ৷ ১৯৯৫ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই এই সমীক্ষা চলাই আহিছে৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে ৩০খন দেশত ৮৭ শতাংশ যক্ষ্মা ৰোগী থকা বুলি নিশ্চিত কৰা হৈছে৷ ইয়াৰ ভিতৰত প্রথম স্থানত আছে ভাৰত৷ তালিকাত ভাৰতৰ পাছত স্থান লাভ কৰিছে ইণ্ডোনেছিয়া, চীন, ফিলিপাইনছ, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু কংগোই৷

You might also like