নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা ব’ৰ্ডক নির্বাসন আইচিচিৰ

🔹 চৰকাৰৰ হস্তক্ষেপৰ পিছতে সিদ্ধান্ত গ্রহণ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : বিশ্বকাপৰ পৰা বিদায় লোৱাৰ পিছতে শ্রীলংকা ক্রিকেট ব’ৰ্ডক নির্বাসিত কৰিলে আইচিচিয়ে৷ শ্রীলংকা ক্রিকেট ব’ৰ্ড পৰিচালনাত সেই দেশৰ চৰকাৰে হস্তক্ষেপ কৰাৰ বাবেই নির্বাসনৰ বলি হ’বলগীয়া হৈছে ব’ৰ্ড ৷ আইচিচিৰ এই ঘোষণাৰ পিছতে শ্রীলংকাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নির্বাসন প্রত্যাহাৰ নকৰিলে আইচিচিৰ অন্য কোনো প্রতিযোগিতাত দেখা নাযাব শ্রীলংকাক ৷ এক প্রেছ বিবৃতিত আইচিচিয়ে কয়– সদস্য দেশ হিচাপে শ্রীলংকাৰ ক্রিকেটে গুৰুতৰ নিয়ম ভংগ কৰিছে ৷ আইচিচিৰ সদস্য হিচাপে তেওঁলোকে স্বাধীন সংস্থা হিচাপে কাম কৰিব লাগে ৷ কোনো চৰকাৰী হস্তক্ষেপ সহ্য কৰা নহ’ব৷ সেই নিয়ম ভংগ কৰাৰ বাবেই শ্রীলংকাক নির্বাসিত কৰা হৈছে ৷ ২১ নৱেম্বৰত আইচিচিৰ বৈঠকত বিষয়টো আলোচনা কৰা হ’ব৷

You might also like