নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ ৫৬৮নং পৃথিয়াল গাঁও প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্রমী প্ৰয়াস

🔹 আঘোণৰ সুবাস ল’বলৈ পথাৰত নামিল এজাক ছাত্ৰ-ছাত্ৰী

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : আজি পহিলা আঘোণ। কৃষিজীৱী অসমীয়াৰ যুগ যুগ ধৰি আঘোণৰ পথাৰে কঢ়িয়াই লৈ ফুৰা আৱেগ, স্বকীয় ঐতিহ্যৰ সুবাস বিচাৰি হাতে হাতে কাঁচি লৈ সোণোৱালী ধাননি পথাৰত নামি পৰিল ঢকুৱাখনাৰ এজাক কণমানি ছাত্ৰ-ছাত্ৰী। স্কুলীয়া ইউনিফৰ্মতেই কণমানি ছাত্ৰ-ছাত্ৰীসকলে হাতত তুলি ল’লে ডঁৰীয়া কাঁচি আৰু সোণগুটিৰ মুঠি।ছাত্ৰ-ছাত্ৰীসকলক কৃষি বিষয়ক ব্যৱহাৰিক জ্ঞান দিয়া আৰু চহা খেতিয়কৰ জীৱনৰ এক বাস্তৱ অভিজ্ঞতা লাভ কৰিব যাতে পাৰে, তাৰ উদ্দেশ্যে আজি ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৬৮নং পৃথিয়াল গাঁও প্ৰাথমিক বিদ্যালয়ে ‘আঘোণৰ পথাৰলৈ…’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়খনৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ পৰিৱৰ্তে হাতে হাতে কাঁচি আৰু খেতিৰ সঁজুলি লৈ ব্যস্ত হৈ পৰিল পৃথিয়াল গাঁৱৰ ধাননি পথাৰত।

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত প্ৰখৰ ৰ’দকো নেওচি শিক্ষাৰ্থীসকলে কাটি গ’ল ধান। পৰম্পৰাগত কৃষি পদ্ধতিৰ বিভিন্ন দিশ ধান দোৱা, ডাঙৰি বন্ধাৰ প্ৰত্যক্ষ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ লগতে থলুৱা বিভিন্ন ধানৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়া হয়। শিক্ষাৰ্থীসকলেও কণমানি আঙুলিৰ মুঠিত তুলি ল’লে মুঠি মুঠি ধান। হাতত পকা ধানৰ মুঠি লৈ ছাত্র-ছাত্ৰীসকলে গীত আৰু নাচেৰে জীপাল কৰিলে ধাননি পথাৰ। তদুপৰি পথাৰৰ আলিত বহি সোৱাদ ল’লে ৰবাব টেঙাৰ। পথাৰৰ মাজলৈ আহি অভিভূত হৈ পৰিল সকলো ছাত্ৰ-ছাত্ৰী। কৃষিকৰ্ম তথা চহা জীৱনৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ প্ৰয়াস বিদ্যালয়ৰ। ছাত্ৰ-ছাত্ৰীসকলক ধান কটা প্ৰণালী শিকাবৰ বাবে আৰু কৃষকসকলে কিমান কষ্টেৰে কৃষিকৰ্ম কৰে, সেয়া ছাত্ৰ-ছাত্ৰীসকলক বুজাবৰ বাবেই এই প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল সন্দিকৈয়ে।সকলোফালে আধুনিক জীৱনশৈলীয়ে আগুৰি ধৰাৰ সময়তে চহা খেতিয়কৰ জীৱনৰ অভিজ্ঞতা দিবলৈ বিদ্যালয়খনে লোৱা এই প্ৰচেষ্টাৰ শলাগ লৈছে এতিয়া সকলোৱে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like