আধ্যাত্মিক শিক্ষা বুলিলে বুজিব লাগিব যে জীৱন আৰু জগতৰ ই এক সুশীল অনুশাসন৷ এই অনুশাসনে শৃংখল মনুষ্যক শ্রেষ্ঠ জীৱ বুলি উচ্চস্তৰত উপস্থাপিত কৰিছে৷ পৃথিৱীত ভাল আৰু বেয়া দুটা দিশ আছেই৷ কোনবিধ গ্রহণ কৰিলে জীৱনক সুন্দৰ, মহত্ত্বপূর্ণ, আদৰণীয় আৰু মাধুর্যময় কৰি তুলিব পাৰি, সেই ধাৰণা বিবেকৰ দান৷ এইখিনিতে আধ্যাত্মিকতাৰ প্রয়োজন অত্যধিক৷
১৷ ভাৰতবর্ষৰ প্রাচীন শাস্ত্রসমূহে আধ্যাত্মিক শিক্ষাৰ বাটেৰে গৈ কিদৰে মহৎ জীৱনৰ অধিকাৰী হ’ব পৰা যায়, তাৰ তাত্ত্বিক উদাহৰণ সর্বকালৰ বাবে দেখুৱাই গৈছে৷ সৃষ্টিকর্তা ভগৱন্ত তথা ঈশ্বৰৰ সান্নিধ্য লাভ কৰি জীৱন ধন্য কৰা শ্রীমদ্ভাগৱদৰ ধ্রুৱ চৰিত্র তাৰ যোগ্য উদাহৰণ৷ ধ্রুৱৰ আধ্যাত্মিক ধাৰণা পাঁচ বছৰ বয়সত প্রোথিত হৈছিল৷ সেই উচ্চতম ধাৰণা আহিছিল মাতৃ সুৰুচিৰ পৰা৷ আধ্যাত্ম জ্ঞানেৰে পৰিপুষ্ট মাতৃ সুৰুচিয়ে ধ্রুৱলৈ অর্থাৎ উত্তৰপুৰুষলৈ বিয়পাব খুজিছিল সেই মহাজ্ঞান৷ সু–সংস্কৃতিৱান মানুহ আৰু সেই মানুহৰ সমাজ গঠনৰ লক্ষ্যৰ হাজাৰ উদাহৰণেৰে ভৰি আছে ভাৰতৰ প্রাচীন শাস্ত্র৷
২৷ এতিয়াৰ আমাৰ ছাত্র–ছাত্রীসকল বিজ্ঞানে গঢ়ি দিয়া আধুনিক পৃথিৱীৰ যাত্রী৷ বিজ্ঞানৰ ধাৰাবাহিক উন্নতিয়ে প্রয়োজনীয় সামগ্রী যোগানৰ লগতে ছাত্র–ছাত্রীক আমোদসর্বস্ব পৃথিৱী এখন যাচি দিছে৷ কেৱল ছাত্র–ছাত্রীয়েই নহয়, অভিভাৱককে ধৰি সর্বস্তৰৰ জীৱনযাত্রা আমোদ–প্রমোদত উটি–বুৰি যাবলৈ ওলাইছে৷ যন্ত্রৰ দুর্জয় যাত্রাই মানুহকো যেন যন্ত্রত পৰিণত কৰিব৷ এনেকৈ থাকিবলৈ হ’লেচোন এদিন স্বাস্থ্যসন্মত পৃথিৱীখন ক’ৰবাত ওফৰি পৰিব, তাত থাকিব কেৱল যন্ত্র, মানুহ নামৰ যন্ত্রৰ দৌৰাত্ম্য৷ পিছে আনন্দৰ কথা যে ইয়াৰ পৰিত্রাণৰ উপায়, ইয়াৰ বিকল্প মজুত আছে আমাৰ হাতত৷ বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়োটিকে আদৰি ল’ব জানিলে, শিক্ষাত আধ্যাত্মিকতাৰ মিশ্রণ ঘটাই উত্তৰপুৰুষক সাজু কৰাব পাৰিলে সমস্যা আঁতৰিবলৈ বেছিপৰ নালাগে৷ বিজ্ঞান আৰু ধর্ম এটি আনটিৰ পৰিপূৰক–Science and Religion are the two wings of a bird. এজনী চৰায়ে এখন ডেউকাৰে উৰিব নোৱাৰাৰ দৰে বিজ্ঞান আৰু ধর্ম ইয়াৰ যিকোনো এটাৰ অবিহনে সমাজৰ প্রগতি অচল৷ এতেকে বিজ্ঞান আৰু ধর্ম এটা পখীৰ দুখন ডেউকা৷
৩৷ বিদ্যালয়ত ছাত্র–ছাত্রীৰ মানৱীয় গুণৰ বিকাশ সাধনৰ খাতিৰত আধ্যাত্মিক শিক্ষাৰ সর্বাধিক গুৰুত্বৰ সপক্ষে সাম্প্রতিক কালৰ শিক্ষাবিদ, চিন্তাবিদসকলৰ পৰা সর্বসাধাৰণলৈকে বিধে বিধে অভিমত প্রকাশ কৰাৰ খবৰ আমি পাইছেছা৷ আধ্যাত্মিক শিক্ষা প্রয়োগ ব্যৱস্থাটো অনুপানৰ সমগোত্রীয় বুলি ধৰিবলৈ তেওঁলোকে কৈছে৷ ইয়াক আধুনিক কালৰ শিক্ষাৰ বিষয়সমূহৰ সৈতে ‘আধ্যাত্মিক মিশ্রণ’ Spiritual Include) বুলিছে৷ সাম্প্রতিক সময়ৰ প্রয়োজনলৈ লক্ষ্য ৰাখি বিদ্যালয় পর্যায়ত প্রতিৰক্ষা, কম্পিউটাৰ, এনচিচি, স্বাস্থ্য, ৰেচম, কাৰিকৰী আদি আধুনিক বিষয় কিছুমান পাঠ্যক্রমত অন্তর্র্ভুক্ত হ’ব ধৰিছে৷ এইবিলাকৰ সঠিক প্রয়োগক সমর্থন জনোৱাৰ পিছতো নৈতিকতাৰ উন্মেষণ ঘটাব পৰা আধ্যাত্মিক বিষয়টো আওকাণ কৰা হৈছে বুলি ভবা হৈছে৷
৪৷ ভাৰতীয় দর্শনে তাহানি কালৰ পৰাই নৈতিক শিক্ষাৰ সমান মহৎ শিক্ষাক উপেক্ষা নকৰিবলৈ বুজনি দি আহিছে৷ বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি–স্থিতি–লয়ৰ ৰহস্যঘন পৰিঘটনা জনাৰ পৰা শিক্ষার্থীক বঞ্চিত নকৰাৰ উদ্দেশ্যে চৈতন্য শক্তিৰ ধাৰণা দিয়াৰ ব্যৱস্থা আছে ভাৰতৰ প্রাচীন শিক্ষাত৷ চৈতন্য শক্তিৰ জাগৰণ যে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ মাজেদিহে সম্ভৱ হয়, সেই কথা সত্য৷ বিকাৰৰূপী মানসিকতাই শত্রু হৈ মানুহক কৰে আক্রমণ৷ তেতিয়া পৰিত্রাণৰ উপায় নাথাকিলে মানুহ হৈ যায় ধৰাশায়ী৷ জাগি উঠা প্রবল ৰিপু আৰু বিকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ আছে আধ্যাত্মিকতা৷ এই জ্ঞানে শুদ্ধতাৰ পথেদি অগ্রসৰ হ’বলৈ আমাক বাট পোহৰাই দি আহিছে৷ বিদ্যালয়ত আধ্যাত্মিকতাৰ পাঠ্যগত প্রৱেশে ছাত্র–ছাত্রীসকলক সৰুৰে পৰাই অহিংসা, সদাচাৰ, সহনশীলতা, নম্রতা আদি গুণৰ বিকাশ ঘটাই তেওঁলোকক সুন্দৰ সমাজৰ একো একোজন সদস্য হ’বলৈ প্রস্তুত কৰিব৷ প্রেম, শান্তি, দয়া, কৰুণাৰ দৰে স্বর্গীয় গুণৰ বিকাশ ঘটাব পাৰিলে স্বার্থপৰতাৰ বিপৰীতে পৰোপকাৰৰ গুণেৰে সমৃদ্ধ মানৱীয় পৃথিৱীখন আমি লাভ কৰিম বুলি নিশ্চিত৷
৫৷ বিশ্বকবি, সাহিত্যৰ নোবেল বিজয়ী ৰবীন্দ্রনাথ ঠাকুৰৰ দেউতাকৰ নাম মহর্ষি দেবেন্দ্র নাথ ঠাকুৰ৷ ১৮৬৩ চনত দেবেন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰিছিল ‘শান্তি নিকেতন’৷ প্রকৃতিৰ ৰম্যমধুৰ পৰিৱেশত স্থাপন কৰা ‘শান্তি নিকেতন’ প্রকৃততে আছিল এখন আধ্যাত্মিক আশ্রম৷ অন্যান্য বিষয়বোৰৰ লগতে আধ্যাত্মিক শিক্ষাৰে শিশু, কিশোৰ, যুৱকক সুনাগৰিক ৰূপে গঢ়ি হিংসাহীন ভাৰতবর্ষৰ স্বপ্ণ দেখিছিল আচার্য ঠাকুৰদেৱে৷ ক’বই লাগিব যে শান্তি নিকেতনৰ আদর্শই দেশ–বিদেশৰ শিক্ষার্থীক কৰিলে ধাৰাবাহিক আকর্ষণ৷ গৌৰৱেৰে উল্লেখ কৰিব লাগিব যে সুষম সংস্কৃতি আৰু ধর্মীয় ভাবনাৰে ভৰা স্বদেশ গঢ়াত শান্তি নিকেতনৰ মূল্য আজিৰ বিশ্বায়নৰ যুগতো আছে৷ শান্তি নিকেতনৰ আধাৰত ১৯২১ চনত গঢ়ি উঠে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়৷ এই বিশ্ববিদ্যালয়ৰ প্রথমজন আচার্য আছিল এজন ভাৰত পুত্র৷ তেওঁ মনীষী, তেওঁ পণ্ডিত৷ সেইজন হৈছে পণ্ডিত জৱাহৰলাল নেহৰু৷ প্রাচীন ভাৰতীয় শিক্ষাৰ সহযোগত আধুনিক শিক্ষাৰ জয়যাত্রা অব্যাহত ৰখা বিশ্ব ভাৰতীৰ উদ্দেশ্য৷
৬৷ বিষয়টোৰ সামৰণিত অনুভৱ কৰা হৈছে যে যান্ত্রিক সভ্যতাই আমাক বিদ্বেষপূর্ণ সমাজ এখনৰ মুখামুখি কৰাবলৈ অহৰহ চেষ্টা কৰিছে৷ সেইবাবে ভাৰতত এক নতুন শিক্ষা যোজনা নির্মাণ কৰি চিন্তা–চর্চা অব্যাহত ৰখা হৈছে৷ প্রজাপিতা ব্রহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় তেনে যোজনাত পৰে৷ বিদ্যাভাৰতীয়েও সেইধৰণৰ শিক্ষাত গুৰুত্ব দিয়া দেখা গৈছে৷ বৈদিক প্রার্থনাৰে দৈনিক পাঠদান আৰম্ভ হোৱা শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্রমত তেনে এক আভাস দেখা যায়৷ কেৱল বয়ঃসন্ধিত উপনীত হোৱা ল’ৰা–ছোৱালীৰ কাৰণেই নহয়, সকলো স্তৰৰ শিক্ষার্থীক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে মার্গ দর্শন কৰাই মানসিক উত্তৰণ ঘটাব পাৰি বুলি আমি ভাবোঁ৷ সুখ আৰু আনন্দৰে ভৰা জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকক শক্তি প্রদান কৰা জ্যেষ্ঠসকলৰ কর্তব্যৰ ভিতৰত পৰে৷
৭৷ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই জগত জয় কৰাৰ সময়ত মানৱীয় গুণৰ পৰাজয় হ’লে নহ’ব৷ আমি বিদ্যালয়বোৰত নির্দিষ্ট এটা দিন ধার্য কৰি বত্তৃণতা, আলোচনা আদি কার্যসূচী গ্রহণ কৰিব পাৰোঁ৷ ২০০৮ চনৰ ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অসমৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রাংগণত এক আন্তঃৰাষ্ট্রীয় আলোচনা–চক্র অনুষ্ঠিত হৈছিল৷ Centre for Teacher’s Education’ৰ উদ্যোগত অনুষ্ঠিত আলোচনাৰ মূল বিষয়টো আছিল Science and Spirituality for a better world’. এনেধৰণৰ আলোচনাবোৰেও আধুনিক শিক্ষাৰ মহাযাত্রাত আধ্যাত্মিকতাই মিশ্রণৰ দৰে কাম কৰিব, জ্ঞানপুষ্ট সংযত জীৱনে গঢ়ি তুলিব বর্তমান আৰু ভৱিষ্যৎ৷