নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রম

দীপক কুমাৰ দাস

বিশ্বজুৰি উজ্জীৱিত হৈ উঠা হোটেল–পর্যটন উদ্যোগ, ফেশ্বন উদ্যোগ, কর্প’ৰেট খণ্ড, চলচ্চিত্র উদ্যোগ আদিত নিযুক্তিৰে লোভনীয় কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিব পাৰে ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রমৰ জৰিয়তে৷ স্বীকৃতিপ্রাপ্ত চৰকাৰী শৈক্ষিক প্রতিষ্ঠানৰ পৰা যিকোনো শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীয়ে দেশৰ বিভিন্ন প্রান্তত থকা বিশ্ববিদ্যালয়ত ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰে৷ শৈক্ষিক অর্হতাৰ উপৰি এই পাঠ্যক্রমত অন্তর্ভুক্ত হোৱা শিক্ষার্থীসকলৰ মাজত নেতৃত্ব দিব পৰা গুণ, জনসংযোগৰ দক্ষতা, মার্কেটিং আৰু ব্যৱসায় উন্নয়নৰ দক্ষতা, দায়িত্ব গ্রহণ কৰি যিকোনো জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ দক্ষতা থাকিব লাগিব৷ তেতিয়াহে এই পাঠ্যক্রমত অন্তর্ভুক্ত শিক্ষার্থীয়ে ভৱিষ্যতে ইভেণ্ট মেনেজমেণ্টৰ জৰিয়তে লোভনীয় কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়৷ দেশৰ বিভিন্ন প্রান্তত থকা বিশ্ববিদ্যালয়সমূহ ইভেণ্ট মেনেজমেণ্টৰ বিভিন্ন পাঠ্যক্রম আছে৷ এই পাঠ্যক্রমত ডিপ্ল’মা, ডিগ্রী আৰু স্নাতকোত্তৰ ডিগ্রীও আছে৷ ইয়াৰ ভিতৰত ডিপ্ল’মা ইন ইভেণ্ট মেনেজমেণ্ট (ডিইএম), পোষ্ট গ্রেজুৱেট ডিপ্ল’মা ইন ইভেণ্ট মেনেজমেণ্ট (পিজিডিইএম), পোষ্ট গ্রেজুৱেট ডিপ্ল’মা ইন এডভাৰটাইজিং, মিডিয়া এণ্ড ইভেণ্ট মেনেজমেণ্ট (পিজিডিএএমই) আদি উল্লেখযোগ্য৷ এই পাঠ্যক্রম সফলতাৰে সমাপ্ত কৰিব পাৰিলে এগৰাকী শিক্ষার্থীয়ে হোটেল–পর্যটন উদ্যোগ, কর্প’ৰেট খণ্ড, ফেশ্বন উদ্যোগ, মিডিয়া হাউছ, নিউজ পেপাৰ হাউছ, চলচ্চিত্র আৰু ধাৰাবাহিক নির্মাণ কোম্পানীত সংস্থাপনৰ সুযোগ লাভ কৰে৷ আনকি দক্ষ শিক্ষার্থীয়ে নিজেও ব্যৱসায় খুলি সফল হোৱাৰ সম্ভাৱনা থাকে৷ দেশৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত এই পাঠ্যক্রম চলি আছে যদিও কেইখনমান বিশেষ প্রতিষ্ঠানত শিক্ষা গ্রহণ কৰা শিক্ষার্থীয়ে বিশেষভাৱে সফলতা লাভ কৰি আহিছে৷ ইয়াৰ ভিতৰত নেচনেল একাডেমী অৱ ইভেণ্ট মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট (আহমেদাবাদ, মুম্বাই, দিল্লী, জয়পুৰ), এই প্রতিষ্ঠানত এবছৰীয়া ডিইএম পাঠ্যক্রম আছে৷ যিকোনো শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীয়ে এই পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব পাৰে৷ বিশেষত্ব এয়ে যে সপ্তাহত তিনি দিন পাঠদান হোৱা এই পাঠ্যক্রমটোত আন শিক্ষা গ্রহণ কৰি থকাৰ সময়তো শিক্ষার্থীয়ে অন্তর্ভুক্ত হ’ব পাৰে৷ স্নাতক ডিগ্রীধাৰীয়ে এই প্রতিষ্ঠানখনত এমবিএ ইন ইভেণ্ট মেনেজমেণ্ট এণ্ড পার্ছনেল ৰিলেচনৰ ২ বছৰীয়া পাঠ্যক্রমতো অধ্যয়ন কৰিব পাৰে৷ ইপিনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ লার্নিং এণ্ড ডেভেলপমেণ্টত এমবিএ/পিজিডিএম ইন ইভেণ্ট মেনেজমেণ্ট এণ্ড পাব্লিক ৰিলেচনৰ এবছৰীয়া পাঠ্যক্রমৰ লগতে প্রফেছনেল চার্টিফিকেট ইন ইভেণ্ট মেনেজমেণ্টৰ এবছৰীয়া পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷ তদুপৰি ইএমবিআই ইনষ্টিটিউট অৱ মিডিয়া কমিউনিকেচনত এবছৰীয়া পিজিডিইএম পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব পাৰে৷ গুৰুত্বপূর্ণ যে ২০০২ চনত স্থাপন হোৱা এই প্রতিষ্ঠানটোৰ পৰা উত্তীর্ণ হোৱা সাত হাজাৰতকৈও অধিকজনে ইতিমধ্যে এণ্টাৰটেইনমেণ্ট এণ্ড মিডিয়া খণ্ডত সংস্থাপিত হৈছে৷ দেশৰ আন এখন উল্লেখযোগ্য প্রতিষ্ঠান হৈছে নেচনেল ইনষ্টিটিউট অৱ ইভেণ্ট মেনেজমেণ্ট৷ এছিয়াৰ অন্যতম শ্রেষ্ঠ হিচাপে বিবেচিত এই প্রতিষ্ঠানটোৰ শাখা আছে মুম্বাই, আহমেদাবাদ, কোলহাপুৰ, পুনে, ওড়িশা আৰু যোধপুৰত৷ দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীয়ে ১১ মহীয়া ডিইএম পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷ লিম্কা বুক অৱ ৱর্ল্ড ৰেকর্ডছত প্রথম আৰু শ্রেষ্ঠ ইভেণ্ট ক’লেজ হিচাপে স্বীকৃত এই প্রতিষ্ঠানখনত ইভেণ্ট মেনেজমেণ্টৰ পাঠ্যক্রমত প্রায় ৮০ শতাংশ ব্যৱহাৰিক প্রশিক্ষণ দিয়া হয়৷ মন কৰিবলগীয়া যে ইভেণ্ট মেনেজমেণ্টৰ জৰিয়তে লোভনীয় কেৰিয়াৰ গঢ়িবলৈ সক্ষম হোৱা এই পাঠ্যক্রম দেশৰ অনেক বিশ্ববিদ্যালয়ত প্রচলন হৈ আছে৷ ৱেবছাইটযোগে ইচ্ছুক শিক্ষার্থীয়ে ইভেণ্ট মেনেজমেণ্ট পাঠ্যক্রম সন্দর্ভত বিতং তথ্য লাভ কৰিব পাৰে৷ কিন্তু যিকোনো প্রতিষ্ঠানত নামভর্তিৰ পূর্বে শিক্ষার্থীজনে প্রতিষ্ঠানৰ পূর্বৰ ৰেকর্ড অধ্যয়ন কৰাটো জৰুৰী৷

You might also like