নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে শৈক্ষিক সমল-ই–পিজি পাঠশালা

ড০ নির্মল ৰঞ্জন মজুমদাৰ

শিক্ষাৰ ক্ষেত্রত বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্রত তথ্য আৰু প্রযুক্তিবিদ্যাৰ প্রয়োগ বিংশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ এক অভিন্ন তথা উল্লেখযোগ্য বৈশিষ্ট্য৷ শিক্ষাত তথ্য আৰু প্রযুক্তিবিদ্যাৰ প্রয়োগে সাধাৰণতে কম্পিউটাৰ আৰু সেই ধৰণৰ আহিলাৰ সহায়ত শিক্ষা প্রদান আৰু শিক্ষা গ্রহণৰ ব্যৱস্থাকে বুজায়৷ বর্তমান ইণ্টাৰনেটৰ সহায়ত কম্পিউটাৰ, স্মার্ট ম’বাইল ফোন আদিৰ মাধ্যমত শিক্ষা গ্রহণৰ ব্যৱস্থা বহু পৰিমাণে সহজ হৈ পৰিছে৷ ইয়াৰ বিভিন্ন ধনাত্মক দিশৰ বাবে সম্প্রতি এইধৰণৰ শিক্ষা ব্যৱস্থা সমগ্র বিশ্বৰ লগতে আমাৰ দেশতোজনপ্রিয় হৈ পৰিছে৷ ভাৰত চৰকাৰেও তথ্য আৰু প্রযুক্তিবিদ্যাৰ সহায়ত শিক্ষা প্রদানৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ সেই বিশেষ উদ্দেশ্যে ভাৰতবর্ষৰ কেন্দ্রীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰে ২০০৯ চনত ‘তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ মাধ্যমত শিক্ষাঃ ৰাষ্ট্রীয় মিছন’ NME-ICT) নামেৰে এক মিছন আৰম্ভ কৰিছে৷ মিছনৰ দ্বাৰাই ‘নেচনেল ডিজিটেল লাইব্রেৰী অৱ ইণ্ডিয়া’ নামেৰে খডগপুৰৰ ভাৰতীয় প্রযুক্তি প্রতিষ্ঠানৰ তত্ত্বাৱধানত এক বিশেষ অনলাইন পুথিভঁৰালৰ ব্যৱস্থা ইতিমধ্যে আমাৰ দেশত আৰম্ভ কৰা হৈছে৷ এই মিছনৰে আন এক প্রকল্প হৈছে ‘ই– পিজি পাঠশালা’ e-PG Pathsala)৷ ই হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্রস্তুত কৰা এক মুক্ত শৈক্ষিক সমল Open Educational Resources)৷ মুক্ত শৈক্ষিক সমল মানে সহজ ভাষাত ক’বলৈ গ’লে ইণ্টাৰনেটত মুকলিকৈ উপলব্ধ বিভিন্ন পাঠ্যক্রম উপযোগী শৈক্ষিক সমলকে বুজায়৷ এনে সমলসমূহ সাধাৰণতে টোকা, চিত্র, প্রেজেণ্টেচন আদি ভিন্ন মাধ্যমত থাকে৷ যিকোনো ব্যক্তিয়ে ইণ্টাৰনেট সংযোগী কম্পিউটাৰ বা স্মার্টফোনৰ সহায়ত এইধৰণৰ মুক্ত শৈক্ষিক সমলসমূহ ব্যৱহাৰ কৰাৰ সুবিধা পায়৷ ইয়াত টোকাৰ লগতে পাঠকেন্দ্রিক বিভিন্ন প্রশ্ণও সংযোজিত হৈ থাকে৷ ‘ই–পিজি পাঠশালা’ মুকলি কৰা হয় ২০১৪ চনত৷ বর্তমানINFLIBNET নামৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এটি গ্রন্থাগাৰ আৰু তথ্য সংযোগী কেন্দ্রৰ দ্বাৰা পৰিচালিত এই মুক্ত শৈক্ষিক সমল ব্যৱস্থাত মূলতঃ ই–ধ্যয়ন e-Adhyayan), ই–পাঠ্য e-Pathya) আৰু ইউ জি চি মুক’চ UGC MOOCs)– এই তিনিটা ব্যৱস্থা সংযোজিত হৈ আছে৷ ইয়াৰে ই–ধ্যয়নত ই–বুক, ইউ জি চি মুক’চত অনলাইন পাঠ্যক্রমৰ ব্যৱস্থা থকাৰ বিপৰীতে ই–পাঠ্যমুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাথ্ৰ বাবে প্রস্তুত কৰা এক অফলাইন শিক্ষা সমল ব্যৱস্থা৷
‘ই–পিজি পাঠশালা’ৰ সহায়ত বর্তমান কলা, বাণিজ্য, সমাজ বিজ্ঞান আৰু বিজ্ঞান– এই শাখাত প্রায় সত্তৰটা বিষয়ৰ সমল মুকলিকৈ পোৱাৰ ব্যৱস্থা আছে৷ এই বিষয়সমূহৰ সমলবিলাক মূলতঃ টোকা e-text) আৰু ইয়াৰ লগতে একোটিকৈ ভিডি’ সংলগ্ণ কৰা হৈছে৷ এই টোকাবোৰ প্রয়োজন অনুসৰি ডাউনলোড কৰি ৰাখিব পাৰি৷ বর্তমান এই ব্যৱস্থাৰ সহায়ত বিশ হাজাৰৰো অধিক টোকা আৰু ঊনৈশ হাজাৰৰো অধিক ভিডি’ উপলব্ধ হৈছে৷ ইয়াৰ আন এটি অতি গুৰুত্বপূর্ণ দিশ এয়ে যে এই সমলসমূহ প্রস্তুত কৰিছে দেশৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ উপৰিIIT, IIM, NITৰ অভিজ্ঞ ব্যক্তিসকলেহে৷ এতিয়ালৈ তিনি হাজাৰ দুশৰো অধিক সমল ব্যক্তিয়ে তেওঁলোকৰ গৱেষণাৰ বিষয়সমূহৰ ভিত্তিত ‘ই–পিজি পাঠশালা’ৰ সমলসমূহলিখি উলিয়াইছে৷ বিশেষকৈ স্নাতকোত্তৰ পর্যায়ৰ শিক্ষাথ্ৰ উপযোগীকৈ প্রস্তুত কৰা এই সমলসমূহৰ পৰা স্নাতক পর্যায়ৰ শিক্ষাথ্সকলো যথেষ্ট উপকৃত হোৱাৰ সুযোগ পাইছে৷<https://epgp.inflibnet.ac.in/Home> শীর্ষক বেৱছাইটৰ সহায়ত ব্যৱহাৰ কৰিব পৰা এই ৱেব প’র্টেলটো ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্রত এক বিশেষ সমল ভঁৰালত পৰিণত হৈছে৷ ভাৰতৰ যিকোনো শিক্ষানুষ্ঠানৰ ইচ্ছুক শিক্ষাথ্য়েIIT, IIM, NIT আদিৰ দৰে উচ্চমানৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ পাঠদানৰ অভিজ্ঞতা লাভ কৰা সম্ভৱ হৈছে এই মাত্র ‘ই–পিজি পাঠশালা’ৰ সহায়তহে৷ বর্তমানেও এই বিশেষ ৱেব প’র্টেলটোৰ সমৃদ্ধিকৰণৰ কাম অহৰহ চলি আছে৷ আগন্তুক দিনত ই হয়তো ভাৰতৰ প্রতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰে নিয়মিত শ্রেণী তথা পাঠদান ব্যৱস্থাৰ এক অভিন্ন অংগ হৈ পৰিব৷ আজিকালি প্রায়বোৰ শিক্ষাথ্ৰ হাততে থকা স্মার্টফোনটো উচিত কামত ব্যৱহাৰ কৰি এনেধৰণৰ ব্যৱস্থাসমূহৰ সুফল ভোগ কৰিলেহে স্মার্টফোনৰ ‘স্মার্ট’ ব্যৱহাৰ হোৱা বুলিব পাৰিব৷

You might also like