নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ জালত ১০জন জুৱাৰী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰূপহীহাট থানাৰ অন্তৰ্গত ভাটমাৰীত যোৱানিশা ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জুৱাৰীৰ বিৰুদ্ধে চলায় এক অভিযান। আৰক্ষীৰ অভিযানত ১০জনকৈ জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ খেলৰ ঘাটিৰ পৰা নগদ ধন সহ দুখন বাইক আৰু চাৰিটা মোবাইল ফোনৰ লগতে জুৱাত ব্যৱহাৰ হোৱা কিছু সামগ্ৰী জব্দ কৰে।ধৃত জুৱাৰীকেইটা ক্ৰমে আছান আলী, আনোৱাৰ হুছেইন, ফজলুল হক ,কুৰফান আলী, মেৰাজুল ইছলাম, আশ্বৰাফু হক, জালাল উদ্দিন, আবুল হুছেন, নুৰুল ইছলাম আৰু ৰছিদুল হক। আৰক্ষীয়ে জব্দ কৰা বাইক দুইখনৰ নম্বৰ হৈছে এএছ -০২-একে-১৮৪৭ আৰু এএছ-০২-ৱাই-৩৯১৬ ৷ দীৰ্ঘদিনৰ পৰাই ৰূপহীহাটৰ ভাটমাৰীত চলি আহিছিল এই জুৱাৰ ঘাটি ৷ চকু মুদা কুলিৰ ভাও লৈছিল স্থানীয় গাঁওৰক্ষী বাহিনীয়ে৷ আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like