নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে দিয়া ১ কোটি লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ ২০১৯ বৰ্ষত ভয়াবহ বানে বিধ্বস্ত কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। যাৰ ফলত তাত থকা জীৱ জন্তুৰ আলৈ আথানি হৈছিল। ভয়াবহ বানৰ সেই কৰুণ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত বলিউদৰ তাৰকা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ১ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছিল ৷ এতিয়া সেই ১ কোটি টকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত আহি পৰিছে। নিউজ লাইভৰে হোৱা এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷ ইতিমধ্যেই সেই বৃহৎপৰিমাণ ধন কাজিৰঙাৰ হাতত পৰা বুলি উল্লেখ কৰি অক্ষয় কুমাৰৰ এই মহানুভৱতাক ধন্যবাদ জনায় সঞ্চালক জানিবলৈ দিয়ে যে, এই ১ কোটি টকাৰে শীঘ্ৰে আৰম্ভ কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ কাম ৷ বিগত বানত ধ্বংস হোৱা বাট-পথ, দলং আৰু বনশিবিৰ আদি নিৰ্মাণ কৰা হ’ব অক্ষয় কুমাৰে দিয়া এই ১ কোটি টকাৰে ৷ বিশেষকৈ বেদখল মুক্ত হোৱা বান্দৰডুবিত এটা হাইলেণ্ড আৰু বাগৰিত ডুঙা বনশিবিৰ নতুনকৈ নিৰ্মাণ আৰু কহঁৰাত কাৰাচিং বনশিবিৰ নিৰ্মাণ কৰাৰ লগতে তিনিখনকৈ অত্যাধুনিক নাওঁ এই টকাৰে ক্ৰয় কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত কাজিৰঙালৈ বলিউদৰ তাৰকা অক্ষয় কুমাৰক আমন্ত্ৰণ জনোৱা হ’ব বুলিও জানিবলৈ দিয়ে সঞ্চালক পি শিৱ কুমাৰে ৷

You might also like