নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক-শিক্ষার্থীৰ বাৰত চূড়ান্ত উদ্ভণ্ডালি

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক–শিক্ষার্থীৰ্ নির্লজ্জ কাণ্ডই স্তম্ভিত কৰি তুলিছে ৰাজ্যবাসীক৷ চিকিৎসাৰ দৰে পবিত্র বৃত্তি এটাত নিয়োজিত হোৱাৰ প্রস্তুতি চলোৱাৰ সময়তে সুৰাৰ ৰাগিত মাতাল হৈ নিশাটোৰ ভিতৰতে একো একোটা ভিলেইনলৈ পৰিৱর্তন হোৱা কনিষ্ঠ চিকিৎসক শিক্ষার্থীৰ নিকৃষ্ট কাণ্ডই গৰিমামণ্ডিত শিক্ষানুষ্ঠানখনক কলংকিত কৰিলে৷ শিক্ষানুষ্ঠানখনৰ ৪নং ছাত্রাৱাসৰ পৰা সন্ধিয়া ৭.৩০ বজাতে ওলাই গৈ বৃহস্পতিবাৰৰ নিশা প্রায় ১২ বজালৈ খ্রীষ্টানবস্তিৰ কামাখ্যা টাৱাৰত অৱস্থিত কেইকো লাউঞ্চ এণ্ড বাৰত আকুণ্ঠ সুৰাপানত ব্যস্ত আছিল জিএমচিএইচৰ কেইবাজনো ভৱিষ্যতৰ চিকিৎসক৷ সুৰাৰ ৰাগিত মাতাল হৈ পৰাৰ পিছত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল মাতাল চিকিৎসকসকলে৷ জানিব পৰা মতে খাদ্য আৰু সুৰাৰ বিল আদায়ক লৈ বাৰখনৰ কর্মচাৰীৰ সৈতে প্রথমতে তর্কত লিপ্ত হয় জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক ডাঃ শুভাংশু শইকীয়া, এমবিবিএছ চূড়ান্ত বর্ষৰ ছাত্র শশাংক কাশ্যপ আৰু তৃতীয় বর্ষৰ ছাত্র ঋষিকেশ বিপাক্ষ৷ সুৰাৰ নিচাৰ প্রকোপ বাঢ়ি অহাৰ পিছত কনিষ্ঠ চিকিৎসক–ছাত্রকেইজ্ বাৰখনৰ কেইবাজনো কর্মচাৰীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ তৎমুহূর্ততে মাতাল ছাত্রকেইজনে ফোনযোগে হোষ্টেলত থকা সতীর্থসকলক কাজিয়াৰ বাবে বাৰখনলৈ আহ্বান জনায়৷ মুহূর্ততে হোষ্টেলৰ পৰা প্রায় ১৫জন ছাত্র বাৰখনত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হোৱাৰ পিছত দুজন লোক আহত হয়৷ নিশা প্রায় ১১.৩০ বজাৰ পিছত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে বাৰখনৰ তৰফৰ পৰা আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ অৱশ্যে ঘটনাটো সন্দর্ভত এতিয়ালৈকে দুয়োপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ অভিযোগ আৰক্ষী থানাত দাখিল হোৱা নাই বুলি জানিব পৰা গৈছে৷ উত্তপ্ত কাজিয়াখনৰ পিছত ছাত্রসকলে পুনৰ হোষ্টেললৈ উভতি যোৱাৰ লগতে ঋষিকেশ বিপাক্ষ নামৰ ছাত্রজন কিছু পৰিমাণে আহত হোৱাৰ পিছত তেওঁক জিএমচিএইচত সতীর্থসকলে ভর্তি কৰায়৷ নিশাৰ ভাগত পৰিস্থিতি শান্ত হৈ পৰিলেও আজি ৰাজ্যজুৰি ঘটনাটোৱে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জিএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুত বৈশ্যৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰি ঘটনাটো তদন্ত কৰা হয়৷ জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই আজি এখন সংবাদ মেলযোগে ঘটনাটোৰ কথা স্বীকাৰ কৰে৷ অভিযুক্ত ছাত্রকেইজনক তদন্ত সমিতিয়ে মাৰাথন জেৰা চলোৱাৰ পিছত তেওঁলোকৰ ভিতৰৰ তিনি ছাত্র আৰু কনিষ্ঠ চিকিৎসক ক্রমে শশাংক কাশ্যপ, ঋষিকেশ বিপাক্ষ আৰু ডাঃ শুভাংশু শইকীয়াই বাৰখনত সন্ধিয়া ৭.৩০ বজাৰ পৰাই সুৰাপান কৰিবলৈ যোৱা বুলি স্বীকাৰ কৰে৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত জিএমচিএইচৰ অনুশাসন সমিতিয়ে উক্ত তিনিওজন ছাত্র আৰু কনিষ্ঠ চিকিৎসকক অহা ছমাহৰ বাবে মহাবিদ্যালয়ৰ পাঠদানৰ পৰা বর্খাস্ত কৰাৰ লগতে হোষ্টেলত থকাৰ ক্ষেত্রত আজীৱন নিষেধাজ্ঞা আৰোপ কৰে৷ তদুপৰি ছাত্র তিনিজনক মাৰ–পিটৰ সময়ত সহযোগিতা আগবঢ়োৱা চাৰি নং হোষ্টেলৰ আন ১৫জন শিক্ষার্থীকো তিনি মাহৰ বাবে হোষ্টেলত থকাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰে অনুশাসন সমিতিয়ে৷ জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই সদৰী কৰা মতে পূর্বতে এনে ধৰণৰ ঘটনা জিএমচিএইচত সংঘটিত হোৱা নাই৷ ছাত্রকেইজনে ভুল হৈছে বুলি নিজৰ দোষ স্বীকাৰ কৰিছে৷ ছাত্রসকলক ইয়াত অধ্যয়ন কৰাৰ বাবে সুযোগ দিয়া হৈছে৷ কিন্তু হোষ্টেলৰ নিয়মানুৱর্তিতা ভংগ কৰাৰ অধিকাৰ তেওঁলোকক দিয়া হোৱা নাই৷ অনিয়মানুৱর্তিতাৰ কোনো স্থান নাই৷ কঠোৰৰ পৰা কঠোতমৰ শাস্তি তেওঁলোকে ভোগ কৰিবই লাগিব৷ সাধাৰণতে ৬.৩০ বজাৰ পিছত শিক্ষার্থীসকল হোষ্টেলৰ পৰা ওলাই যাব নোৱাৰে৷ তেওঁলোকে কাকো নোসোধাকৈ হোষ্টেলৰ নিয়ম ভংগ কৰিছে৷ গতিকে শাস্তি ভোগ কৰিবই লাগিব৷ অকল শাস্তি প্রদানতে ক্ষান্ত নাথাকি মহাবিদ্যালয়খনৰ তৰফৰ পৰা উদণ্ড ছাত্রকেইজনৰ অভিভাৱকসকলকো সকলো কথা অৱগত কৰিছে কর্তৃপক্ষই৷ জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মায়ো এই লজ্জাজনক কাণ্ডক তীব্র সমালোচনা কৰি কয় যে ইয়াত তেওঁলোকে পঢ়িবলৈ আহিছে৷ মদ খাই মাতলামি কৰিবলৈ কাকো অনুমতি দিয়া হোৱা নাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সুনামৰ ক্ষেত্রত এয়া যথেষ্ট গুৰুতৰ অভিযোগ হোৱাৰ লগতে গোটেই ঘটনাটোৱে লজ্জাজনক৷ আমি কোনো কাৰণতে এয়া সহ্য নকৰোঁ৷ সকলোৱে ভদ্রতা বর্তাই ৰাখি অধ্যয়ন কৰক৷ মাৰ–পিট কৰিবলৈ কাকো লাইচেঞ্চ ইয়াত দিয়া হোৱা নাই৷ উল্লেখ্য যে মাতাল ছাত্রসকলে কালি নিশা বাৰখনৰ ব্যাপক ক্ষতি কৰাৰ লগতে তাত কর্মৰত এজন ছার্ভিচ মেনেজাৰৰ মৰিয়াই মূৰ ফলাৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনৰ একাংশ ছাত্রক নিশা বাৰখনত নিয়োজিত একাংশ কর্মচাৰী আৰু নিৰাপত্তাৰক্ষীয়েও প্রহাৰ কৰাৰ অভিযোগ তুলিছে৷ অৱশ্যে অভিযোগ–প্রতি অভিযোগ যিয়েই নহওক, দুৰাৰোগ্য ৰোগত আক্রান্ত ৰোগীক সেৱা–শুশ্রূষাৰে সুস্থ কৰি তোলাৰ পবিত্র দায়িত্বত নিয়োজিত হোৱা চিকিৎসকৰ মাতাল নৃশংস ৰূপে প্রতিজন সচেতন লোকক হতবাক কৰি তুলিছে৷ প্রশ্ণ উত্থাপন হৈছে– চিকিৎসক হৈ নুঠোতেই যদি এই অৱস্থা তেওঁলোকৰ হয়, তেন্তে ৰোগীক চিকিৎসা প্রদানৰ সময়ত সৃষ্ট কেতবোৰ জটিল পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ মানসিকতা তেওঁলোকৰ ভৱিষ্যতে থাকিবনে?

#বাৰ্তা ডেস্ক

You might also like