দুই আৰক্ষীক দুঘণ্টা ঘাঁহ কটাৰ শাস্তি আদালতৰ
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ সাধুকথাত এনে শাস্তি হ’ব পাৰে৷ ৰজা বা চুলতানসকলৰ আমোলত এনে ঘটনা ঘটিলেও অবাক হ’বলগীয়া একো নাছিল৷ কিন্তু শেহতীয়াকৈ মহাৰাষ্ট্রৰ এক নিম্ন আদালতে প্রদান কৰিছে এনে চকু কপালত উঠা শাস্তি৷ মানি লোৱা কঠিন যদিও আচামীসকলক আদালতত আধাঘণ্টা পলমকৈ হাজিৰ কৰাইছিল দুই আৰক্ষী কর্মীয়ে৷ এই ঘটনাত ক্ষুব্ধ দণ্ডাধীশে দুয়োজন আৰক্ষী কর্মীক দুঘণ্টা ঘাঁহ কটাৰ শাস্তি দিয়ে৷ মহাৰাষ্ট্রৰ পর্বনী জিলাৰ নিম্ন আদালতখনৰ এই ৰায়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাটো যোৱা সপ্তাহৰ৷ জিলাখনৰ মানবট থানাৰ দুজন চিপাহীয়ে পূর্বৰ নিশা ধৰা পৰা এজন আচামীক লৈ হাজিৰ হয় আদালতত৷ দিনৰ ১১ বজাত আদালতত হাজিৰা দিয়াৰ কথা আছিল যদিও আৰক্ষী কর্মী দুজনে আধাঘণ্টা পলমকৈ আচামীক লৈ হাজিৰ হৈছিল আদালতত৷ ইয়াতেই ক্ষুব্ধ হৈ পৰে আদালতখনৰ বিচাৰপতি৷ ক্ষুব্ধ বিচাৰপতিয়ে দুই আৰক্ষী কর্মীক কর্তব্যত গাফিলতি কৰাৰ দোষত দুঘণ্টা ঘাঁহ কটাৰ নির্দেশ দিয়ে৷ ইফালে, আৰক্ষী বিভাগো এই ৰায়ক লৈ হতচকিত হৈ পৰিছে৷
#বাৰ্তা ডেস্ক