নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ৯১সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : কামৰূপৰ নগৰবেৰাত আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় ৯১সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ | স্মৰ্তব্য যে এইবাৰৰ নগৰবেৰা ৰাস ২৫ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰে ১৭ দিন ধৰি চলিব | দৰ্শনাৰ্থীৰ চকুত লগাকৈ ৰং-বিৰঙেৰে সজাই তোলা হৈছে ৰাস ময়দানৰ লগতে দেৱ-দেৱীৰ মৃন্ময় প্ৰতিমাসমূহ | যাৱতীয় সাজ-সজ্জা সম্পূৰ্ণ হৈ উঠা, আলোকসজ্জাৰে সুসজ্জিত ৰাস ময়দান অতিকে দৃষ্টিনন্দন হৈ উঠিছে | নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ এইবাৰৰ বিশেষ আকৰ্ষণ হ’ব সুউচ্চ ৰাধা-কৃষ্ণৰ প্ৰতিমূৰ্তি | শনিবাৰে ফটকা-আতচবাজীৰে আনন্দমুখৰ পৰিৱেশত শুভাৰম্ভ কৰা হয় নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ। ৰঙা ফিতা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জগদীশ দাসে | নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত সমূহ ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like