ৰাজহ বিভাগৰ বিষয়াক ট্রেক্টৰেৰে চেপি মাৰিলে বালি মাফিয়াই
🔹 মধ্যপ্রদেশত চাঞ্চল্যকৰ ঘটনা
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : কেইদিনমান পূর্বে বিহাৰত ট্রেক্টৰেৰে চেপি মৰা হৈছিল এজন আৰক্ষীক৷ বালি মাফিয়াৰ এনে কার্যই উত্তপ্ত কৰিছিল বিহাৰ৷ এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে মধ্যপ্রদেশত৷ ৰাজ্যখনত ৰাজহ বিভাগৰ এগৰাকী বিষয়াক ট্রেক্টৰেৰে চেপি মাৰিছে বালি মাফিয়াই৷ গভীৰ নিশা সোণ নদীৰ পৰা অবৈধভাৱে বালি কঢ়িওৱা হৈছিল৷ এই খবৰ পোৱাৰ পিছতে বাধা দিবলৈ গৈ প্রাণ হেৰুৱাবলগীয়া হ’ল তৰুণ চৰকাৰী বিষয়াগৰাকীয়ে৷ প্রসন্ন সিং নামৰ ৰাজহ বিভাগৰ বিষয়াগৰাকীক বালি মাফিয়াই কালি নিশা হত্যা কৰাৰ তথ্য আজি আৰক্ষীয়ে প্রকাশ কৰিছে৷