বহুগুণী আমলখি : ৰোগ নিৰাময় আৰু উপশমৰ মহৌষধ
মানৱ দেহৰ বিভিন্ন ৰোগ–ব্যাধি নিৰাময় আৰু প্রতিৰোধত আমলখিত থকা ঔষধি গুণৰ মহিমা অপাৰ৷ আমলখি এবিধ বহুগুণী ক্ষুদ্র ফল৷ অসম আৰু ভাৰতবর্ষৰ সকলো অঞ্চলত এই গছ হয়৷ অঞ্চলভেদে ইয়াৰ নাম ভিন্ন ভিন্ন৷ উদাহৰণস্বৰূপে– ওড়িশাত আন্লা, বাংলাত আম্লকী, তেলুগুত ডচিৰি, মালয়ালামত নেলিস্কা, গুজৰাটত আমলা, পঞ্জাবত ওলে৷ ইয়াৰ বৈজ্ঞানিক নাম এমব্লিকা অফিছিনালিছ৷ বাৰিষা কালত ইয়াৰ ফুলৰ পৰা ফল ওলায় আৰু খৰালি কালত ফল পূৰঠ হৈ খোৱাৰ উপযোগী হয়৷
মানৱ শৰীৰৰ বাবে উপকাৰী ইয়াত থকা উপাদানসমূহ হ’ল প্রতি ১০০ গ্রামত খনিজ লৱণ–০.৯ শতাংশ, স্নেহজাত পদার্থ–০.২, প্র’টিন ০.৭, আঁহ ৪.৭, ফছফৰাছ–১.৩, কেলচিয়াম–০৬, লো ১.৩ মিলিগ্রাম, পানী–৮০, কার্বহাইড্রেট ১২.৩ কিন্তু ইয়াত আটাইতকৈ বেছি প্রায় ৭০০ মিলিগ্রাম ভিটামিন চি পোৱা যায়৷ সেয়েহে মানৱ শৰীৰৰ নানা ৰোগ নিৰাময়ত আমলখিৰ ভূমিকা অন্যতম৷
ঔষধি গুণ : কাহ, চর্দি, মূৰৰ বিষ আদি নিৰাময়ত আমলখি এবিধ পৰম মহৌষধি ফল৷
• ৰেডিয়েচন বা কেমোথেৰাপী চিকিৎসা চলি থকা কর্কট ৰোগীয়ে সেই সময়ছোৱাত আমলখি নিয়মীয়াকৈ গ্রহণ কৰি থাকিলে শাৰীৰিক আৰু মানসিক শক্তি সুস্থ-সবল হৈ থাকে ৷ অকাল বার্ধক্য প্রতিৰোধত আমলখি বা ইয়াৰ চূর্ণ নিয়মীয়াকৈ সেৱন কৰা উচিত৷
• মানৱ দেহৰ যিকোনো অংগ–প্রত্যংগত হোৱা টিউমাৰ ৰোধ কৰাত ই পৰম উপকাৰী আহাৰ৷ আমলখি এক এণ্টিঅক্সিডেণ্টযুক্ত ফল কাৰণে ইয়ে কর্কট ৰোগীৰ অসহনীয় বিষো লাঘৱ কৰে৷
• বদহজম, এচিডিটি, অজীর্ণ আদি নিৰাময়ত আমলখি উত্তম মহৌষধি ফল৷
• তেজৰ কলেষ্টেৰলৰ সমস্যা আঁতৰ কৰাত ই এক উৎকৃষ্ট দৰব৷
• ইয়ে চকুৰ নানা ৰোগ নিৰাময় আৰু দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্রত পৰম উপকাৰী আহাৰ৷
• মগজুৰ কার্যক্ষমতা আৰু স্মৃতিশক্তি অটুট ৰখাত এক মহৌষধি দৰবৰ কাম কৰে৷
• গ্রীষ্ম কালত সূর্যৰ তাপৰ ফলত ক্ষতি হোৱা শৰীৰৰ অংগ–প্রত্যংগৰ ৰোগ নিৰাময়ত ইয়াৰ ভূমিকা অতুলনীয়৷
• কোষ্ঠকাঠিন্য নিৰাময়ত ই পৰম মহৌষধ৷ ৰাতিৰ আহাৰ গ্রহণৰ পিছত ইয়াৰ চূর্ণ একাপ কুহুমীয়া গৰম পানীত মিহলাই সেৱন কৰিব লাগে৷
• বৃক্ক ৰোগত আক্রান্ত ৰোগীয়ে ইয়াৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে প্রস্রাৱ নিঃসৰণৰ পৰিমাণ স্বাভাৱিক অৱস্থালৈ আহে৷
• মূত্রনলীৰ যন্ত্রণাত (জ্বলা–পোৰা) ভোগা লোকে কেঁচা বা ইয়াৰ শুকান চূর্ণ নিয়মীয়াকৈ সেৱন কৰিলে সুফল পোৱা যায়৷
• দেহৰ শ্রীবৃদ্ধি আৰু মাংসপেশী সুস্থ সবল কৰি তোলাত আমলখিৰ উপকাৰিতা অন্যতম৷
• কর্কট ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা উপলব্ধি কৰা লোকে নিয়মীয়াকৈ ইয়াৰ ৰস সেৱন কৰিব পাৰিলে ৰোগবিধৰ প্রতিৰোধত সুফল পাব পাৰে৷
• বয়োজ্যেষ্ঠ প্রায় মানুহে মূত্রনলীৰ যন্ত্রণাত ভুগিবলগীয়াত পৰে৷ এনে যন্ত্রণা লাঘৱ হোৱাত আমলখি এবিধ উত্তম আহাৰ৷ ইয়াৰ ৰস সেৱন কৰিব পাৰে৷
• জণ্ডিচত ভোগা লোকে আমলখি সেৱন কৰিলে ৰোগবিধৰ ফলত হোৱা দুর্বলতা হ্রাস কৰাত যথেষ্ট উপকাৰ সাধন কৰে৷
• ইয়াৰ ভিটামিন চিয়ে হাড়–দাঁত আদি শক্তিশালী কৰাৰ উপৰি হূদযন্ত্রৰ পেশী গঠনতো প্রভূত অৰিহণা যোগায় ৷ যকৃতৰ ৰোগত আক্রান্ত মানুহৰ ধ্বংস বা অনিষ্ট হোৱা কোষ পুনৰ সক্রিয় কৰি তোলাত ই এক ভাল দৰব ৷ শিশুৱে আমলখি (কেঁচা বা শুকান বা ইয়াৰ চূর্ণ) সীমিত পৰিমাণত দৈনিক সেৱন কৰিব পাৰিলে শৰীৰৰ কোষ বৃদ্ধিৰ লগতে শৰীৰৰ শ্রীবৃদ্ধি আৰু গঠন সুস্থ–সুন্দৰ উজ্জ্বল হৈ পৰাত যথেষ্ট উপকাৰ সাধে৷
• ইয়ে মস্তিষ্ক তথা স্নায়ুতন্ত্রৰ কার্যক্ষমতা সক্রিয় কৰি ৰাখিব পাৰে ৷ বমি, পিত্ত প্রশমিত কৰি ৰখাত আমলখিৰ ভূমিকা প্রভাৱশালী ৷ তেজ পৰা অর্শ নিৰাময়ৰ ই পৰম মহৌষধ ৷
• মূৰৰ চুলি আৰু বৰণ অটুট ৰখাত আমলখিৰ ঔষধি গুণ অতুলনীয় ৷
• হিম’গ্লবিন নিয়ন্ত্রণ আৰু অটুট ৰখাৰ উপৰি হ্রাস পোৱা হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰাত উপকাৰ সাধন কৰে৷
• অপৰিষ্কাৰ পানী আৰু দূষিত আহাৰ গ্রহণৰ ফলত দেহত প্রৱেশ কৰা হানিকাৰক পদার্থবোৰৰ পৰা ইয়াৰ ভিটামিন চিয়ে দেহক সুৰক্ষিত কৰি ৰাখে৷
ইয়ে ৰক্তহীনতাত ভোগা ৰোগীক পৰম মহৌষধি দৰবৰ কাম কৰে৷
• বহুমূত্র ৰোগীয়ে বলি হোৱা চকুৰ কেটাৰেক্ট প্রতিৰোধত ই পৰম উপকাৰী৷ মানৱ দেহৰ ত্রিদোষ অর্থাৎ বাত, কফ আৰু পিত্ত সাম্য অৱস্থাত ৰাখিব পাৰে৷
• আমলখি হাড়ৰ মজ্জা আৰু শুক্র বৃদ্ধিত উপাকাৰী ফলৰূপে পৰিগণিত হৈ আহিছে৷ ৰক্ত শুদ্ধি আৰু মূত্র খোলোচা কৰি প্রস্রাৱৰ জ্বলা–পোৰা নিৰাময়ত ই এবিধ উত্তম মহোষধি ফল৷
• ই এবিধ লৌহতত্ত্ব আৰু ভিটামিন চিৰে পৰিপুষ্ট ফল বাবে শৰীৰত তেজৰ সমস্যা হ’লে কৃত্রিম আইৰন আৰু ভিটামিন চি সেৱন কৰাৰ পৰিৱর্তে কেঁচা আমলখি বা ইয়াৰ চূর্ণ নিয়মীয়াকৈ গ্রহণ কৰিলে উক্ত সমস্যা সম্পূর্ণভাৱে নিৰাময় হয়৷
• প্রদাহ, প্রমেহ ছালৰ নানা ৰোগৰ সমস্যা সমাধানত ইয়ে উৎকৃষ্ট দৰবৰ কাম কৰে৷
• ইয়াৰ গছৰ পাতে বায়ু প্রদূষণমুক্ত কৰি ৰাখে৷ তদুপৰি ই এবিধ উত্তম বীজাণুনাশক ঔষধ হিচাপেও ব্যৱহাৰ হৈ আহিছে৷
• এলাহ, অনিদ্রা, বমি বমি ভাব আদি নিৰাময়ত আমলখি–শিলিখা-ভোমোৰা তিনিওবিধৰ পৰা প্রস্তুত কৰা চূর্ণ (ত্রিফলা) সেৱন কৰিলে যথেষ্ট উপকাৰ কৰে৷
উল্লেখ্য যে আমলখি এবিধ বহু ঔষধি গুণযুক্ত ফল হোৱা বাবেই আয়ুর্বেদ শাস্ত্র অনুসৰি ইয়াৰ কেইবাটাও নাম বুলি জনা যায়৷ বিষহিতকৰ কাৰণে ইয়াৰ নাম ‘বৃষ্যা’, পুষ্টি সাধন কৰে বাবে ইয়াৰ আন এটা নাম ‘ধাত্রী’, অকাল বার্ধক্য প্রতিৰোধ কৰিব পাৰে কাৰণে বয়স্থা জীৱনদায়ী আহাৰ বাবে ‘অমৃত ফলা’ আৰু ৰুচিকৰ বাবে ইয়াৰ নাম ‘ৰোচনী’ ৷ যি নহওক, মুঠতে ই এক অনন্য প্রাকৃতিক এণ্টি অক্সিডেণ্ট হিচাপে মানৱ দেহৰ নানা ৰোগ-ব্যাধি নিৰাময় আৰু প্রতিৰোধত উত্তম মহৌষধৰূপে সমাজ জীৱনl অতীজৰে পৰা সমাদৃত হৈ আহিছে৷ কিন্তু মনত ৰাখিবলগীয়া কথা এই যে ইউৰিক এচিড আৰু তেজত অধিক পটাছিয়াম থকা আদি সমস্যাত ভোগা মানুহে আমলখি সেৱনৰ পৰা বিৰত থকাটো বাঞ্ছনীয়৷
🔹 ঘনশ্যাম দাস