নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-ধেমাজি সংযোগী পথত শক্তি বিভাগৰ মৰণফান্দ

🔹 পথৰ মাজত বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাক লৈ শংকিত পথচাৰী

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : এইখন অসমৰে এক আজব দৃশ্য ! ব্যস্ত পথৰ মাজতে শক্তি বিভাগৰ বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটা। কেইবাহাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাটোকে ডিভাইডাৰৰ দৰে ব্যৱহাৰ কৰি খুঁটাৰ দুয়োফালে দৈনিক চলিছে শ শ  যান-বাহন । ধেমাজি-মাছখোৱা-ঢকুৱাখনা পথৰ ঠেকেৰাগুৰিৰ এই আজব দৃশ্য । বিদ্যুতৰ তাঁৰ পৰিবাহী বিয়াগোম খুঁটাটোক মাজত লৈয়ে দৈনিক সেই পথৰে অহা-যোৱা কৰি আছে শ শ যান-বাহন ৷ শীতৰ কুঁৱলীৰ ফলত পথৰ মাজতে বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাটোৰ বাবে যিকোনো মুহূৰ্তত ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। উল্লেখ্য যে ধেমাজিৰ তেলিজানৰ পৰা মাছখোৱা হৈ ঢকুৱাখনালৈ ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অসম মালা আঁচনিৰ অধীনত দুইলেনযুক্ত পথলৈ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ কাম চলি আছে। ২৪৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ চলি থকা গুৰুত্বপূৰ্ণ পথটো বৰ্তমান পথচাৰীসকলৰ বাবে আৰু অধিক বিপজ্জনক ৰূপেহে পৰিগণিত হৈছে। পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাবোৰ পথ সম্প্ৰসাৰণৰ পাছত পথৰ প্ৰায় মাজত পৰাত প্ৰতি পদে পদে পথচাৰী বা যান-বাহনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিশেষকৈ  ঠেকেৰাগুৰিত পথটোৰ মাজতে থকা এটা বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে পথটোৰে অহা-যোৱা কৰা পথচাৰীৰ লগতে যান-বাহনসমূহ। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক বহুবাৰ অনুনয়-বিনয় কৰি উক্ত পথছোৱাৰ মাজৰ পৰা খুঁটাটো পথৰ কাষত নিৰাপদ স্থানত স্থাপন কৰি দিবলৈ অনুৰোধ জনাইছিল যদিও মৰণফান্দসদৃশ খুঁটাটো স্থানান্তৰ কৰাত গুৰুত্ব প্ৰদান নকৰিলে শক্তি বিভাগে। পথৰ মাজতে বিপজ্জনকভাৱে বিদ্যুতৰ খুঁটা স্থাপন কৰি ৰাইজক বিপদৰ মুখলৈ ঠেলি দি ৰং চোৱা শক্তি বিভাগৰ এনে কাণ্ডক লৈ সর্বস্তৰৰ ৰাইজ জাঙুৰ খাই উঠিছে। বিভাগটোৰ এনে কাণ্ডজ্ঞাহীন কাৰ্যক সকলোৱে ধিক্কাৰ দি শীঘ্ৰে পথটোৰ মাজত বিপদজ্জনকভাৱে থকা বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাটো অন্য নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি ৰাইজৰ যাতায়াতৰ বাবে পথছোৱা সুচল কৰি দিবলৈ দাবী জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like