শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ত মহাদেৱৰ আশিস গ্রহণ ড০ হিমন্ত বিশ্ব শর্মাৰ
বিত্ত–স্বাস্থ্য–গড়কা মন্ত্রীক বিপুল সম্বর্ধনা পৰিচালনা সমিতিৰঃ সমস্যা সমাধানৰ আশ্বাস
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ শিৱৰাত্রি উপলক্ষে শুকুৰবাৰে নিশা প্রায় ৯.৩০ বজাত শুৱালকুছিৰ ঐতিহাসিক শ্রীশ্রীসিদ্ধেশ্বৰ দেৱালয়ত উপস্থিত হয় বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দেৱালয়খনত উপস্থিত হৈ তেওঁ বন্তি প্রজ্বলন কৰি মহাদেৱৰ আশীর্বাদ গ্রহণ কৰে৷ পিছত তেওঁ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ লগত আলোচনাত মিলিত হৈ দেৱালয়খনৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি সমস্যাসমূহ শীঘ্রে সমাধান কৰাৰ আশ্বাস প্রদান কৰে৷ বিশেষকৈ দেৱালয়ত টাৱাৰ লাইট স্থাপন, পর্যটন বিভাগে আধৰুৱাকৈ নির্মাণ কৰা পথটি শীঘ্রে সম্পূর্ণ কৰা, এটি শিৱমূর্তি স্থাপন কৰাৰ আশ্বাস দিয়ে৷ মন্ত্রীগৰাকীক পৰিচালনা সমিতিৰ সভাপতি ডাঃ গৌৰাংগ দাস আৰু সম্পাদক অৰুণ ডেকাই সম্বর্ধনা জনায়৷