নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি

🔹 মৃত ব্যক্তিৰ নামত গৃহ আবন্টনেৰে ধন আত্মসাৎ বিষয়া-কৰ্মচাৰী-দালালৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাভকাটি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি । পঞ্চায়তখনত মৃত ব্যক্তিৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত গৃহ আবন্টন কৰি বিষয়া-কৰ্মচাৰী আৰু এজন দালালে সমস্ত ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে, পাভকাটি পঞ্চায়তৰ অন্তৰ্গত মলহুৰ গাঁৱৰ ৰেজ্জাক আলীৰ ৮ বছৰ পূৰ্বে মৃত্যু হৈছিল । ৰেজ্জাক আলীৰ মৃত্যুৰ ৮ বছৰ পিছত তেওঁৰ নামত থকা আই ডি নম্বৰ 2214931 যোগে চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি গৃহ আবণ্টন হয়। গৃহ আবণ্টন হোৱাৰ পিছত ৰেজ্জাক আলীৰ দৰিদ্ৰ পত্নী চমলা খাতুনক নজনোৱাকৈ গৃহ নিৰ্মাণ দেখুৱাই আবন্টিত ধন জালিয়তি কৰি একাউণ্টৰ জৰিয়তে সমস্ত ধন উঠাই আত্মসাৎ কৰে। পঞ্চায়তটোৰ জিপিচি মুজামিল হক আৰু ঠিকাদাৰৰূপী দালাল আবুল কাশেমে এই সমস্ত জালিয়তি কৰে বুলি অভিযোগ উত্থাপন হৈছে । আনকি পুৰণি গৃহত দালাল আবুল কাশেমক হিতাধিকাৰী দেখুৱাই গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি ফটো আপলোড কৰে। দৰিদ্ৰ মহিলাগৰাকীয়ে পঞ্চায়ত কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি গৃহ নোপোৱাত ভাগৰি পৰে। অৱশেষত স্হানীয় সমাজকৰ্মীৰ জৰিয়তে অৱগত হয় তেওঁৰ স্বামীৰ নামত গৃহ আবন্টন হৈছিল আৰু ইতিমধ্যে গৃহ নিৰ্মাণ দেখুৱাই সমস্ত ধন উঠাইছে। মহিলাগৰাকীয়ে পঞ্চায়ত কাৰ্যালয়ত আহি অভিযোগ দিয়াৰ পিছতো কোনো সুফল নাপালে। আনকি পঞ্চায়তৰ জি পি চি মুজামিল হকে দৰিদ্ৰ মহিলাগৰাকীক ডাবি-ধমকি দিয়ে। অৱশেষত দৰিদ্ৰ মহিলাগৰাকীয়ে মৰিগাঁও জিলা ফৌজদাৰী আদালতত এই সমস্ত জালিয়াতিৰ নায়ক জিপিচি মুজামিল হক আৰু দালাল আবুল কাশেমৰ লগতে পঞ্চায়ত সভাপতি, খণ্ড উন্নয়ন বিষয়া, সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ন্যায় বিচাৰি গোচৰ দাখিল কৰে। এতিয়া দৰিদ্ৰ মহিলাগৰাকীয়ে ন্যায় পাবনে ? আনহাতে, পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আৰু অধিক দুৰ্নীতি সংঘটিত হোৱা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে। উচ্চ পৰ্যায়ৰ তদন্ত হ’লে পঞ্চায়তৰ বিয়াগোম দুৰ্নীতি উন্মোচন হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like