নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ‘ৰহস্যজনক’ নিউমোনিয়া বিয়পিব পাৰে ভাৰতলৈ

🔹 ৬ ৰাজ্যত সতর্কতা জাৰি

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : ভাৰততো বিয়পি পৰিব পাৰে চীনৰ ‘ৰহস্যজনক’ নিউমোনিয়া৷ এই অচিন নিউমোনিয়াক লৈ দেশৰ কেইবাখনো ৰাজ্যত সতর্কতা জাৰি কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে৷ উল্লেখনীয় যে বিশেষকৈ শিশুসকল আক্রান্ত হৈছে এই নিউমোনিয়াত৷ ইয়াৰ ফলত শিশুসকলৰ হাঁওফাঁওত সংক্রমণ ঘটিছে৷ এনেধৰণৰ শিশুৰ হাঁওফাঁওৰ সংক্রমণ বেইজিংসহ উত্তৰ চীনৰ কেইবাখনো প্রদেশত দেখিবলৈ পোৱা গৈছে৷ ভাৰতত ৰাজস্থান, কর্ণাটক, গুজৰাট, উত্তৰাখণ্ড, হাৰিয়ানা আৰু তামিলনাডুত এই সন্দর্ভত সতর্কতা জাৰি কৰা হৈছে৷

You might also like