নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্যকৰ হাৱালা কাণ্ড : দুই আৰক্ষী বিষয়া–সাংবাদিকসহ ৪জনক গ্রেপ্তাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : ক’লা ধন বগা কৰা হাৱালা চক্রৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে হাৱালা চক্রৰ পৰাই ধন হৰলুকী কৰি ৰঙাঘৰৰ আলহী হ’ল বৈদ্যুতিন মাধ্যমৰ সাংবাদিক আৰু আৰক্ষী বিষয়া৷ ধৃত আৰক্ষী বিষয়াদ্বয় হৈছে ক্রমে ভৰলুমুখ আৰক্ষী থানাৰ উপ-পৰিদর্শক মোবাৰক আলী আৰু অনুৰাগ বৰা ৷ আনহাতে, সাংবাদিকতাৰ মুখা পিন্ধা তথাকথিত সাংবাদিকজন হৈছে তৌফিক উদ্দিন আহমেদ৷ এই তিনিজনৰ বাদেও খাইৰুল হক নামৰ আন এজন লোকক গ্রেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে যোৱা ২১ নৱেম্বৰৰ নিশা আঠগাঁৱৰ এম এছ ৰোডৰ জমিৰ উদ্দিন নামৰ লোকজনৰ ভাৰাঘৰত হাৱালা চক্রৰ বিৰুদ্ধে অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে৷ উক্ত অভিযানটোত ৰাজস্থানৰ দেৱকৰণ সেন আৰু মনোজ কুমাৰ নামৰ দুজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰিছিল ১ কোটি ৬৯ লাখ ৭০ হাজাৰ নগদ ধন৷ আৰক্ষীৰ দলটোৱে ধৃত লোক দুজনক উক্ত ধনখিনি সন্দর্ভত মাৰাথন জেৰা চলোৱাৰ পাছতো তেওঁলোকে দিব পৰা নাছিল ধনখিনিৰ প্রকৃত উৎসৰ সন্ধান৷ আৰক্ষীৰ জেৰাত ধনখিনি হাৱালা চক্রৰ বুলি স্বীকাৰ কৰিছিল ধৃত লোক দুজনে৷ মহানগৰ আৰক্ষীয়ে আয়কৰ বিভাগৰ বিষয়ববীয়াক খবৰ দি ধনখিনি জব্দ কৰিছিল৷ ঘটনাটো ইমানতে অন্ত পৰিব লাগিছিল৷ পৰৱর্তী সময়ত ঘটনাটোৱে এটা নাটকীয় ৰূপ লোৱাহে দেখা গ’ল৷ কিয়নো সাংবাদিক আৰু আৰক্ষীয়ে মিলি চোৰৰ পৰাই চুৰি কৰাৰ পিছতে ঘটনাটোত পৰিৱর্তন আহিল৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি সদৰী কৰা মতে, গোপন সূত্রৰ খবৰৰ ভিত্তিত ২১ নৱেম্বৰৰ নিশা আঠগাঁৱত অভিযানটো চলিছিল৷ কিন্তু ভৰলুমুখ আৰক্ষী থানাৰ দল গৈ পোৱাৰ পূর্বেই থানাখনৰ এছ আই মোবাৰক আলীয়ে সাংবাদিক তৌফিক উদ্দিন আহমেদৰ সহযোগত আঠগাঁৱৰ উক্ত নির্দিষ্ট স্থানলৈ গৈ হাৱালাৰ দুই অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকী কৰে৷ এই সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি আজি পুৱাৰ ভাগত বাইহাটা–হাজো এলেকাৰ পৰা এজন লোকক নগদ ৭.৫ লাখ টকাসহ কৰায়ত্ত কৰাৰ পিছতেই সাংবাদিক আৰু আৰক্ষী ধন লুটৰ ঘটনাত জড়িত থকাৰ বিষয়টো পোহৰলৈ আহিল৷ আয়ুক্ত বৰাই সদৰী কৰা মতে, ধৃত চাৰিওজন লোকৰ পৰা বর্তমানলৈকে আৰক্ষীয়ে ৩৭ লাখ ৮০ হাজাৰ নগদ ধন জব্দ কৰিছে৷ ইয়াৰ ভিতৰত সাংবাদিক তৌফিক উদ্দিন আহমেদৰ জালুকবাৰীৰ ঘৰৰ পৰা নগদ চাৰি লাখ টকা আৰু এছ আই মোবাৰক আলীৰ ঘৰৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা নগদ ধন জব্দ কৰা হয়৷ উল্লেখ্য যে আৰক্ষীৰ আন এক সূত্রই সদৰী কৰা মতে, ২১ নৱেম্বৰৰ নিশা অভিযানটো চলোৱাৰ সময়ত দুয়োগৰাকী হাৱালা ব্যৱসায়ীৰ জিম্মাত দুই কোটিৰো অধিক নগদ ধন জমা আছিল৷ কিন্তু এছ আই মোবাৰক আলী আৰু সাংবাদিক তৌফিক উদ্দিন আহমেদে আৰক্ষীৰ দল গৈ পোৱাৰ আগতেই তেওঁলোকৰ পৰা বলপূর্বকভাৱে টকাভর্তি বেগ এটা লৈ উধাও হয়৷ আৰক্ষীৰ আগত অপৰাধীদ্বয়ে সকলো কথা স্বীকাৰ কৰাৰ পিছত যোৱা কেইবাদিনো ধৰি মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াই এছ আই মোবাৰক আলী আৰু অনুৰাগ বৰাৰ লগতে সাংবাদিক তৌফিক উদ্দিন আহমেদৰ ওপৰতো চোকা নজৰ ৰাখিছিল৷ পৰৱর্তী সময়ত আৰক্ষীয়ে নিজাববীয়া সূত্রত এই অভিযোগৰ সত্যতা সন্দর্ভত নিশ্চিতি লাভ কৰাৰ পাছতেই আজি পুৱা খাইৰুল হকক গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, ধৃত খাইৰুল হকে আৰক্ষীৰ ইনফৰ্মাৰ ৰূপে দীর্ঘদিন ধৰি কাম কৰি আহিছিল৷ হাৱালাৰ জৰিয়তে লেনদেন হোৱা ধনৰ তথ্যও খাইৰুল হকেই ফাদিল কৰিছিল সাংবাদিক তৌফিক উদ্দিন আহমেদৰ সৈতে৷ তাৰ পিছতে সাংবাদিকজনে আৰক্ষী বিষয়া মোবাৰক আলীৰ কাষ চাপি ধনখিনিৰ পৰা কিছু অংশ হৰলুকী কৰিব পৰা সন্দর্ভত পৰিকল্পনা যুগুত কৰে আৰু সেইমর্মেই আটাইকেইজন অভিযুক্তই পৰিকল্পনাত অগ্রসৰ হয়৷ সূত্রটোৱে সদৰী কৰা মতে, ধন হৰলুকী চক্রটোত আন কেইবাজনো লোক জড়িত থকাৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিছে৷ উক্ত লোককেইজনক আৰক্ষীয়ে চিনাক্তও কৰিছে৷ শীঘ্রেই তেওঁলোককো গ্রেপ্তাৰ কৰা হ’ব৷

You might also like