নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ডিচেম্বৰ, আঘোণ মাহৰ ১৪ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : শুভ

মেষ : বিশেষ কোনো কামত সফলতা পাব৷ শৰীৰ দুর্বল অনুভৱ কৰিব৷ আবেলি পাঁচ বজাৰ পিছত চাইচিতি যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং বগা৷
বৃষ : কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে সু–সম্পর্ক স্থাপন৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং গুলপীয়া৷ প্রেমত আনন্দ৷
মিথুন : সামাজিক কর্মত জড়িত থকাসকলে উন্নত পৰিৱেশ পাব৷ বিদ্যার্থীসকলৰ শুভ৷ দিনটোত এবাৰ বগা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ মন্দিৰত যাব৷ যাত্রা শুভ হ’ব৷
কর্কট : কর্মত কঠোৰ পৰিশ্রমৰ অন্তত লাভৰ মুখ দেখা পাব৷ দাম্পত্যত মতবিৰোধ হ’ব পাৰে৷ যাত্রা কৰিব পাৰে৷ শুভ ৰং ক’লা৷
সিংহ : কন্যা সন্তানৰ প্রতি চকু দিয়ক৷ যাত্রা কৰিলে সাৱধানে কৰিব৷ শুভ ৰং সেউজীয়া৷ পাৰিবাৰিক অশান্তিত ভুগিব পাৰে৷
কন্যা : ব্যৱসায়ত উন্নতি৷ যোগাযোগত খুব বেয়া নহয়৷ শুভ ৰং ৰঙা৷ ৰঙা ৰঙৰ সূতা হাতত পাক দি মেৰিয়াই লৈ যাত্রা কৰিলে সফল হ’ব৷
তুলা : কর্মত সফলতা লাভ কৰিব৷ যাত্রা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রা শুভ হ’ব৷ প্রেমত আনন্দ৷
বৃশ্চিক : সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব৷ যাত্রা কৰিলে সেউজীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ বিদ্যাত শুভ৷
ধনু : যাত্রা কৰিব পাৰে৷ দিনটো ফৰকাল৷ শিৱৰ মন্ত্র জপ কৰিব৷ পাতল নীলা ৰং আপোনাৰ বাবে শুভ৷ প্রেমত বুজাবুজি৷
মকৰ : পুৰণা বন্ধু–বান্ধৱক লগ পাই সুখী হ’ব৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ব্যৱহাৰে যাত্রা শুভ কৰিব৷
কুম্ভ : আর্থিক দিশত বাধাগ্রস্ত হ’ব৷ শুভ ৰং কমলা৷ এই ৰং ব্যৱহাৰে যাত্রা শুভ কৰিব৷ বিদ্যাত মধ্যম৷
মীন : ব্যৱসায়ত দিনটো শুভ৷ পাৰিবাৰিক দিশতো দিনটো শুভ৷ পুৱা যাত্রা কৰিব পাৰে৷ শুভ ৰং মেৰুণ৷

You might also like