নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিভিপি অসম প্ৰদেশৰ সভানেত্ৰী ড° ৰীতামণি বৈশ্য-সম্পাদক হেৰল্ড মহন

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা  ড° ৰীতামণি বৈশ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা হেৰল্ড মহনক ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে । এই তথ্য অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ মিডিয়া প্ৰভাৰী জিতুমণি কলিতাই জনায়। আজি এবিভিপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা নিৰ্বাচনী বিষয়া কানন সেৱক খণ্ডত্ৰেয়াই জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি উপৰিউক্ত পদ দুটাৰ কাৰ্যকাল এবছৰ হ’ব আৰু দুয়োগৰাকী ব্যক্তিয়েই ৭ ডিচেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় অধিৱেশনৰ সময়ত হ’বলগীয়া ২৯ সংখ্যক ৰাজ্যিক অধিৱেশনত দায়িত্ব গ্ৰহণ কৰিব। ড° ৰীতামণি বৈশ্যই গুৱাহাটী বিশ্ববিদ্যালয়ত হিন্দী বিভাগৰ সহযোগী অধ্যাপিকা হিচাপে কৰ্মৰত। ড° ৰীতামণি বৈশ্যৰ বহুকেইখন গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ লগতে তেওঁ সৃষ্টিশীল সাহিত্যৰ লগত বিশেষভাৱে জড়িত । ‘মৃগতৃষ্ণা’, ‘মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণী হৰণ নাট’, ‘লোহিত কিনাৰে’, ‘লোকপক্ষ আৰু অসমৰ জনজাতিসকলৰ কাহিনী’ ইত্যাদি গুৰুত্বপূৰ্ণ গ্ৰন্থ।  ২০১৮ চনৰ পৰা তেওঁ বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় কাৰ্যকৰ্তা। ইয়াৰ পূৰ্বে তেওঁ বিদ্যাৰ্থী পৰিষদৰ  বিভিন্ন দায়িত্ব পালন কৰি আহিছে। ২০২৩-২৪ বৰ্ষৰ বাবে তেওঁ অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। আনহাতে, হেৰল্ড মহন মূলতঃ তিনিচুকীয়াৰ আৰু বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ অধ্যয়ন কৰি আছে।  হেৰল্ড মহনে ২০১৯ চনৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে, ইয়াৰ পূৰ্বে তেওঁ ৰাজ্যিক যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। হেৰল্ড মহন এজন প্ৰখৰ বক্তাৰ উপৰি তেওঁৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত প্ৰবন্ধ প্ৰকাশ পাইছে। আজি ড° ৰীতামণি বৈশ্য আৰু হেৰল্ড মহনৰ নিৰ্বাচনৰ খবৰ পোৱাৰ লগে লগে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ড° ৰীতামণি বৈশ্যক অভিনন্দন জনায়। এই উপলক্ষে নৱনিৰ্বাচিত অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ড° ৰীতামণি বৈশ্যই বিদ্যাৰ্থী পৰিষদৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়- বিদ্যাৰ্থী পৰিষদে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা মই পূৰণ কৰিবলৈ যত্ন কৰিম। আনহাতে, নৱনিৰ্বাচিত ৰাজ্যিক সম্পাদক হেৰল্ড মহনে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লাভ কৰাত সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়- ৰাজ্যিক সম্পাদকৰ দৰে দায়িত্ব লাভ কৰাটো অতিকৈ সন্মানৰ বিষয়। সংগঠনে মোক দিয়া দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু সকলোৰে সহযোগত অসমৰ বিদ্যাৰ্থী সমাজৰ সমস্যা সমাধানৰ হকে কাম কৰিম। এই উপলক্ষে এবিভিপিৰ বিদায়ী ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদক নীহাৰিকা দেৱী, এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সভাপতি হেমাশ্ৰী শৰ্মা, অৰ্ণৱ বৰঠাকুৰ, আফছানা ৰেহমান, ললিতা বিশ্বাস, মিণ্টু মণি দাস, এবিভিপি কটন বিশ্ববিদ্যালয় শাখাৰ সভাপতি ঋত্বিক ঠাকুৰীয়া, সম্পাদক মেঘনা কলিতা, দেৱনীত দত্ত, সূৰ্য নাৰায়ণ দাস, জানু বৰুৱা, প্ৰণৱ কলিতা, তনিষদাস কাশ্যপ, ভৈৰৱ কলিতাকে ধৰি বহুসংখ্যক কাৰ্যকৰ্তাই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

You might also like