নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা উ: মা: বিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰাকক্ষণত তিনিখনকৈ আঁচনি উদ্বোধন

নিয়মীয়া বাৰ্তা,  ১ ডিচেম্বৰ : মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব হীৰক জয়ন্তী। হীৰক জয়ন্তীৰ প্ৰাকক্ষণত অৰ্থাৎ আজি বিদ্যালয়ত তিনিখনকৈ আচঁনিৰ শুভ উদ্বোধন কৰা হয়। হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি বিধায়ক পুঁজিৰে নিৰ্মিত ছাত্ৰৰ চাইকেল ষ্টেণ্ড উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আনহাতে, ছাত্ৰীৰ বাবে নৱনিৰ্মিত চাইকেল ষ্টেণ্ড মুকলি কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আৰু নৱনিৰ্মিত মঞ্চ উদ্বোধন কৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই। তিনিখনকৈ আঁচনি উদ্বোধন কাৰ্যসূচী পৰিচালনা কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সম্পাদক বাবুল বৰাই। এই উদ্বোধনী কাৰ্যসূচীত হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ বৰদলৈ, কাৰ্যকৰী সভাপতিদ্বয় বুবুমণি গোস্বামী আৰু বিপিন চন্দ্ৰ বৰদলৈৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ইফালে, হীৰক জয়ন্তী উদযাপন সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি হীৰক জয়ন্তীৰ তিনিদিনীয়া কাৰ্যসূচীত ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহায়-সহযোগিতা কামনা কৰে।

 

প্ৰেৰক আবুল কালাম

You might also like