নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰত ডেৰ মাহ চলিব উৎসৱ

🔹 অযোধ্যাক লৈ যোগী চৰকাৰৰ পৰিকল্পনা

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : আগন্তুক ১২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ৰাম মন্দিৰৰ আৱেগ তুংগত ৰাখিবলৈ ১৪ জানুৱাৰীৰ পৰা বিশেষ ধর্মীয় কর্মসূচী হাতত লৈছে যোগী আদিত্যনাথৰ চৰকাৰে৷ ইয়াৰ লগতে ২২ জানুৱাৰীৰ দিনটোত সমগ্র উত্তৰ প্রদেশত উৎসৱ পালন কৰা হ’ব৷ এই দিনটোত চৰকাৰী ছুটী ঘোষণাৰ কথাও চিন্তা–চর্চা কৰিছে উত্তৰ প্রদেশ চৰকাৰে৷ আগন্তুক ২২ জানুৱাৰীৰ পিছত প্রায় ডেৰ মাহ ধৰি একাধিক ধর্মীয় কর্মসূচী গ্রহণ কৰিব ৰাম মন্দিৰ কর্তৃপক্ষই৷ ৰাম মন্দিৰক সন্মুখত ৰাখিয়েই ধাৰাবাহিক ধর্মীয় অনুষ্ঠানৰ বাতাৱৰণ সৃষ্টি কৰি হিন্দু ভাবাৱেগক দেশজুৰি বিয়পাই দিয়াৰ চিন্তা–চর্চা চলাইছে গেৰুৱা শিবিৰে৷ লক্ষণীয়ভাৱে আগন্তুক লোকসভা নির্বাচনৰ পূর্বে হিন্দুত্বৰ আৱেগ বিয়পাবলৈ বিজেপিয়ে চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে।

You might also like