নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত আন দুই অভিযুক্ত জামিৰ খান–শ্বৰীফ তানৱাৰ

🔹 গুৱাহাটীত হাৱালাৰ কোটিটকীয়া ধন হৰলুকীৰ ঘটনা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰ : হাৱালা চক্রৰ পৰা ধন হৰলুকী কৰি শিৰোনাম দখল কৰা অপৰাধী চক্রৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত জোৰদাৰ কৰি তুলিছে৷ বিগত কেইদিনত ধন হৰলুকী চক্রৰ সৈতে জড়িত আৰক্ষী, সাংবাদিক, সাধাৰণ মানুহকে ধৰি মুঠ সাতজনক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত দুজন লোক পুনৰ গ্রেপ্তাৰ হৈছে ৷ ধৃত লোক দুজন হৈছে গুৱাহাটীৰ আঠগাঁৱৰ শ্বৰীফ তানৱাৰ আৰু শান্তিপুৰৰ জামিৰ খান৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, পৰহি সোধা–পোছাৰ বাবে আটক কৰা হৈছিল আঠগাঁৱৰ শ্বৰীফ তানৱাৰক৷ আৰক্ষীৰ মাৰাথন জেৰাত তানৱাৰে চক্রটোৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ পিছতে মাজনিশা তেওঁক গ্রেপ্তাৰ কৰা হয়৷ সূত্রটোৱে জনোৱা মতে, আঠগাঁৱৰ বাসিন্দা শ্বৰীফ তানৱাৰে আৰম্ভণিৰ পৰাই ধন হৰলুকীৰ সকলো কথা অৱগত আছিল৷ হৰলুকী কৰা ধনৰ ভাগ পর্যন্ত তেওঁ লাভ কৰিছিল৷ কিমান পৰিমাণৰ ধন তানৱাৰে লাভ কৰিছিল সেয়া বর্তমানেও মহানগৰ আৰক্ষীয়ে সদৰী কৰা নাই যদিও কেইবা লাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ২১ নৱেম্বৰৰ সন্ধিয়া আৰক্ষীয়ে যিটো ঘৰত অভিযান চলাইছিল সেই ভাৰাঘৰটোৰ মালিকৰ পুত্র শ্বৰীফ তানৱাৰ৷ সাংবাদিক তৌফিকুদ্দিন আহমেদৰ সৈতে থকা ঘনিষ্ঠতাৰ সূত্রে আন এগৰাকী লোকৰ পৰা শ্বৰীফ তানৱাৰে লাভ কৰিছিল ধনৰ উৎসৰ তথ্য৷ সেইমর্মে অপৰাধী দলটোক হাৱালা চক্রৰ পৰা টকা উলিয়াই নিয়াৰ সময়ত সর্বতোপ্রকাৰে সহায় কৰিছিল শ্বৰীফ তানৱাৰে৷ সহায় কৰাৰ বিনিময়ত চক্রটোৰ পৰা লাভ কৰিছিল বুজন পৰিমাণৰ ধন৷ একেদৰে ধন লুটৰ ঘটনাটোত সেইদিনা সহায় আগবঢ়াইছিল শান্তিপুৰৰ জামিৰ খান নামৰ যুৱকজনে৷ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে নিজেই ভৰলুমুখ থানাত কালি আত্মসমর্পণ কৰে জামিৰ খানে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, ধৃত খানেও সেইদিনা ধনখিনি সুকলমে পাৰ কৰাই নিয়াত অপৰাধী দলটোক সকলো সহায় আগবঢ়াইছিল৷ গ্রেপ্তাৰ হোৱা সাংবাদিক তৌফিকুদ্দিন আহমেদৰ অন্যতম ঘনিষ্ঠ আছিল জামিৰ খান৷ ধন লুটৰ পৰিকল্পনা যুগুত কৰাৰ সময়ত সাংবাদিকজনৰ সৈতে একেলগে আছিল জামিৰ খান৷ কেতিয়া, কিদৰে হাৱালা চক্রৰ পৰা ধন লুট কৰি সেইখিনি ক’ত থ’ব লাগিব এই সকলো কথা সাংবাদিক তৌফিকুদ্দিন আহমেদৰ সৈতে আলোচনা কৰিছিল জামিৰ খানে৷ আৰক্ষীৰ আগত কালি সকলো কথা স্বীকাৰ কৰাৰ লগতে অপৰাধী দলটোক সহায় কৰাৰ বিনিময়ত লাভ কৰা ধনৰ তথ্যও আৰক্ষীৰ আগত প্রকাশ কৰে জামিৰ খানে৷ সেইমর্মে আৰক্ষীয়ে জামিৰ খানৰ শান্তিপুৰৰ বাসগৃহত অভিযান চলাই নগদ ছয় লাখ টকা কালি জব্দ কৰে৷ ঘটনাটোৰ সৈতে বিকি আলী নামৰ আন এজন যুৱকো জড়িত থকাৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিছে৷ যুৱকজনৰ সম্ভেদ আৰক্ষীয়ে বিচাৰি আছে যদিও বর্তমানলৈকে জালত পৰা নাই বিকি আলী৷ উল্লেখ্য যে এইপর্যন্ত হাৱালা চক্রৰ পৰা ধন লুট কৰা অপৰাধী দলটোৰ মুঠ ৯জনক গ্রেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে৷ পৰৱর্তী সময়ত এই সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে জনাইছে৷ শেহতীয়াকৈ গ্রেপ্তাৰ হোৱা শ্বৰীফ তানৱাৰক তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ আদালতে প্রেৰণ কৰাৰ লগতে জামিৰ খানক দুদিনৰ জিম্মালৈ প্রেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

যিয়ে অপৰাধ কৰিব তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব : ডিজিপি জিপি সিং

সাংবাদিক, সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি আৰক্ষী বিষয়ালৈকে হাৱালা চক্রৰ পৰা ধন হৰলুকী কাণ্ডত জড়িত হৈ পৰাৰ পিছত এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ তেওঁ কয় যে অপৰাধৰ ঘটনাত যিয়ে জড়িত হ’ব তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ অপৰাধত জড়িত হোৱা ব্যক্তিক সেয়া লাগিলে আৰক্ষীৰে নহওক কিয়, ৰেহাই কোনো কাৰণতে আমাৰ ফালৰ পৰা দিয়া নহয়৷ বেয়া কাম কৰিলে শাস্তিৰ মুখামুখিও হ’ব লাগিব৷

You might also like