নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত চাহৰ উৎপাদন ১০৪.২৬ নিযুত কিঃগ্রাঃলৈ বৃদ্ধি

🔹 ভাৰতত ২০২৩ চনৰ অক্টোবৰত চাহৰ উৎপাদন ১২.০৬ শতাংশ বৃদ্ধি

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : বিগত বর্ষৰ তুলনাত ভাৰতত চাহ উৎপাদন বৃদ্ধি পাইছে৷ ২০২৩ চনৰ অক্টোবৰ মাহত দেশত চাহ উৎপাদন ১২.০৬ শতাংশ বৃদ্ধি হৈ ১৮২.৮৪ নিযুত কিলোগ্রাম উৎপাদন হৈছে ৷ বিগত বর্ষৰ অক্টোবৰ মাহত দেশত চাহ উৎপাদন আছিল ১৬৩.১৫ নিযুত কিলোগ্রাম৷ দেশৰ চাহ উৎপাদনৰ বৃদ্ধিৰ মূলতেই হৈছে অসমত চাহৰ উৎপাদন বৃদ্ধি৷ দেশৰ সর্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য অসমত চলিত বর্ষৰ অক্টোবৰ মাহত চাহ উৎপাদন হৈছে ১০৪.২৬ নিযুত কিলোগ্রাম ৷ বিগত বর্ষত অক্টোবৰ মাহত চাহ উৎপাদন হৈছিল ৯০.৭২ নিযুত কিলোগ্রাম৷ চাহ ব’ৰ্ডৰ তথ্য মতে পশ্চিমবংগত ৫৪.৯৮ নিযুত কিলোগ্রাম চাহ উৎপাদন হৈছে৷ বিগত বর্ষত ৰাজ্যখনত চাহৰ উৎপাদন আছিল ৪৯.৭৫ নিযুত কিলোগ্রাম৷ আনপিনে দক্ষিণ ভাৰতত চলিত বর্ষত চাহৰ উৎপাদন হৈছে ১৮.৮৯ নিযুত কিলোগ্রাম৷ বিগত বর্ষত অঞ্চলটোত চাহৰ উৎপাদন আছিল ১৮.৯২ নিযুত কিলোগ্রাম৷ অর্থাৎ দক্ষিণ ভাৰতত সামান্য পৰিমাণে চাহৰ উৎপাদন হ্রাস পাইছে৷ তথ্য মতে, সেউজ চাহৰ উৎপাদন ২.১৪ নিযুত কিলোগ্রাম হৈছে৷ শিতানভিত্তিক চাহ উৎপাদনৰ তথ্য মতে চি টি চি ভেৰাইটী উৎপাদন হৈছে ১৬৭.৭২ নিযুত কিলোগ্রাম, অর্থডক্স চাহৰ উৎপাদন ১২.৯৮ নিযুত কিলোগ্রাম৷ এই দুয়োবিধ চাহ উত্তৰ আৰু দক্ষিণ ভাৰতত উৎপাদন হয়৷ ক্ষুদ্র চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত হৈছে ৯৫.২৪ নিযুত কিলোগ্রাম৷

You might also like