নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত জল জীৱন মিছনত  ঠিকাদাৰৰ দুৰ্নীতিত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : ৰূপহীহাটৰ লাইলুৰিত আজি জল জীৱন আঁচনিৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ নল হৰ ঘৰ জল এক অভিলাসী আঁচনি ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে এতিয়া বগাহাতীত পৰিণত হৈছে ৷ কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ লাইলুৰিত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে ৷ লাইলুৰিত জল জীৱন আঁচনিৰ নামত ঠিকাদাৰ আৰু কনিষ্ঠ অভিয়ন্তাই এক গোপন অংকত মিলি লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ ৷ বিভাগীয় প্ৰাককলন উলংঘা কৰি জধে-মধে কাম কৰাৰ অভিযোগ ৰাইজৰ ৷ প্ৰতিবাদী ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনক শীঘ্ৰে ব্লেকলিষ্টেড কৰাৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like