নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনিয়ৰ মেহমুদৰ দেহাৱসান

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : বন্ধ হৈ পৰিল যুঁজ। জীৱন-মৃত্যুৰ যুদ্ধত পৰাস্ত হ’ল নইম চৈয়দ ওৰফে জুনিয়ৰ মেহমুদ। কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে অভিনেতাগৰাকীয়ে। শুকুৰবাৰে পুৱা মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। জুনিয়ৰ মেহমুদে ষাঠিৰ দশকৰ পৰাই বলীউডত যাত্ৰা আৰম্ভ কৰিছিল। শিশু শিল্পী হিচাপে তেওঁ অতি জনপ্ৰিয় হৈ পৰিছিল। ‘ননিহাল’ৰ পৰা আৰম্ভ কৰি ‘দো ৰাষ্টে’, ‘ঘৰ ঘৰ কি কাহানী’, ‘ছোটি বহু’লৈকে তেওঁ ভালেমান চিনেমাত অভিনয় কৰিছিল। জুনিয়ৰ মেহমুদে কেৱল কমেডিয়ান হিচাপেই নহয়, সহযোগী অভিনেতা হিচাপেও দৰ্শকৰ হৃদয় জয় কৰিছিল। ২০১৯ চনলৈকে তেওঁ চিনেমা আৰু ধাৰাবাহিকত অভিনয় কৰে।

You might also like