নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বৰলুইতেৰে বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ লোৱা অৱস্থাত আজি পুৱা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ এটি দলৰ অভিযানত কেইবা লক্ষাধিক টকাৰ দুখনকৈ চেনিৰ বস্তা ভৰ্তি নাও জব্দ হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুযায়ী আজি পুৱা ধুবুৰী চহৰৰ সমীপৰ হাতিৰচৰৰ বিঅ’পিৰ ৪৯ বিএন বিএছএফৰ এটি দলে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৬০ বিঘা নামৰ চৰাঞ্চলৰ সমীপৰ বৰলুইতৰ এটি সুঁতিত নাকা চেকিং চলাই আছিল। সেই সময়ত দুখনকৈ মালবাহী নাও প্ৰত্যক্ষ কৰি সন্দেহ ওপোজে দলটোৰ আৰু নাওঁ দুখনক ৰখিবলৈ নিৰ্দেশ দিয়ে। কিন্তু সেই নিৰ্দেশ নামানাৰ পিছত বিএছএফে খেদি গৈ নাওঁ দুখন কৰায়ত্ত কৰে। অৱশ্যে ঘন কুঁৱলীৰ সুযোগ লৈ নাওঁ দুখনত থকা চেনিৰ চোৰাং সৰবৰাকাৰীৰ দলটোৱে নৈত জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয়। নাওঁদুখনৰ পৰা বিএছএফে জব্দ কৰে ১৩২ বস্তা চেনি। জব্দ কৰা সেই চেনিখিনিৰ বজাৰ মূল্য আনুমানিক ২ লাখ টকাৰো অধিক হ’ব। উল্লেখ্য যে, গোধনৰ উপৰিও ধুবুৰীৰ বৰলুইতেৰে চেনিকে ধৰি অন্যান্য সামগ্ৰীও বাংলাদেশলৈ চোৰাংকৈ কৈ সৰবৰাহ কৰা হৈ থকা বুলি দীৰ্ঘদিনীৰ পৰাই সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে বিভিন্ন জনে। অৱশ্যে বাংলাদেশলৈ এইদৰে চোৰাংকৈ খাদ্য সামগ্রী সৰবৰাহ কৰাৰ আঁৰৰ মূল পাণ্ডা কোন সেয়া পোহৰলৈ অহা নাই আজিলৈ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী