নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াৰ জামলাইত প্ৰধান শিক্ষকৰ হেমাহিৰ ফল ভুগিলে শিক্ষাৰ্থীয়ে

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত জামলাই উঃ মাঃ বিদ্যালয়ত দশম মানৰ ছাত্ৰ-ছাত্ৰীয়ে নাপালে অনলাইন পৰীক্ষাৰ সুবিধা। ইংৰাজী বিষয়ৰ মুঠ ১০ নম্বৰৰ পৰা বঞ্চিত হ’বলগীয়া হয় শিক্ষানুষ্ঠানখনৰ মুঠ ৯৭গৰাকীয়ে এই পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। স্মৰ্তব্য যে ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ এই পৰীক্ষাৰ সুবিধা উপলব্ধ আছিল যদিও ভাৰপ্ৰাপ্ত অধ্যক্ষই হেনো পৰীক্ষাৰ কথা পাহৰিলে, ফলত শিক্ষাৰ্থীসকল বঞ্চিত হ’বলগীয়া হয়। যাৰ ফলশ্ৰুতিত আজি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ভাৰপ্ৰাপ্ত অধ্যক্ষ জাহিদুল ইছলামক জৱাবদিহি কৰে। শিক্ষা বিভাগৰ ইংৰাজী বিষয়ৰ প’ৰ্টেল পৰীক্ষাৰ পৰা বঞ্চিত হ’ল শিক্ষানুষ্ঠানখনৰ দশম শ্ৰেণীৰ মুঠ ৯৭গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। একাংশ সহঃ শিক্ষকেও পাকে-প্ৰকাৰে এয়া বিদ্যালয়প্ৰধানৰেই হেমাহি বুলিয়েই ক’ব খোজে। আনহাতে ভাঃ প্ৰাঃ অধ্যক্ষগৰাকীয়েও স্বীকাৰ কৰিলে নিজৰ দোষ। প্ৰশ্ন হয় কিয় এনে হয়? জ্ঞানৰ মন্দিৰত কিয় সংঘটিত হয় এনেবোৰ কাণ্ডজ্ঞানহীন কাণ্ড? কিয় দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল বঞ্চিত হ’বলগীয়া হ’ল ১০ নম্বৰৰ অনলাইন পৰীক্ষাৰ পৰা? শিক্ষকৰ হেমাহিত শিক্ষাৰ্থী পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া কাণ্ডক লৈ উত্তপ্ত হৈ পৰে বিদ্যালয় প্ৰাঙ্গণ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like