নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম অশান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ভূপেন বৰা : মন্ত্ৰী অশোক সিংহল

🔴বনাঞ্চলত বসবাস কৰা লোকৰ ভূমি পট্টা প্ৰদান সন্দৰ্ভত তেজপুৰত বিশেষ বৈঠক

🔴লোকসভাত অসমত ১২খন আসন বিজেপিয়ে লাভ কৰাতো নিশ্চিত

বাৰ্তা ব্যুৰ’, ১১ ডিচেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমক পুনৰ আগৰ দৰে অশান্ত কৰিব বিচাৰে। অসমৰ উন্নতি সাধন তেওঁলোকে চিন্তা কৰিব নোৱাৰে সেয়েহে তেওঁলোকৰ মন্তব্য অসমক পুনৰ অশান্ত কৰি তোলাৰ দৰে । তেজপুৰত সাংবাদিকৰ আগত আজি এই মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে। আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বন আইনৰ অধীনত ভূমি হস্তান্তৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে ।উল্লেখ্য যে, ২০০৬ চনৰ বন আইনৰ অধীনত বনাঞ্চলত থকা লোক সকলক ভূমিৰ পত্তা দিয়াৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী সিংহলে। বৈঠকৰ পাছত সাংবাদিকৰ কেতবোৰ প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে, ভূপেন বৰাৰ বা কংগ্ৰেছ দলৰ আৰু বদৰুদ্দিন আজমলৰ কথা আদিক লৈ চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই কাৰণ বিজেপি দল আৰু চৰকাৰে কেনেদৰে নতুন নতুন ক্ষেত্ৰত উন্নয়নৰ কাম কৰিব পাৰে, ৰাজ্যখনৰ সৰ্বাত্মক বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ অৰ্থে ন-আঁচনিৰে কাম কৰিব পাৰে সেই বিষয়েহে অধিক চিন্তা কৰে বুলি কৈ বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে বিৰোধীৰ সকলো ষড়যন্ত্ৰ নস্যাৎ কৰা হ’ব বুলি কয়। আনহাতে আজমলে কৈছিল যে এশ বছৰ মুছলমানে বিজেপিক ভোট নিদিয়ে বুলি৷ ইয়াৰ উওৰত অশোক সিংহলে কয় যে ভোট কাক দিব সেয়া ব্যক্তিগত কথা৷ আমি সকলোৰে বাবে মানৱীয় দৃষ্টিভংগীৰে কাম কৰিছো৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰী সংখ্যালঘু লোকেই বেছি৷ আনহাতে তেওঁ কয় যে অহা নিৰ্বাচনত বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত ১২ খন লাভ কৰাটো নিশ্চিত বুলিও মন্ত্ৰী সিংহলে দৃঢ়তাৰে মন্তব্য কৰে। কৰিব বুলি তেওঁ দাবী কৰে। উল্লেখ্য যে মন্ত্ৰী অশোক সিংহলে আজি সন্ধিয়া ৫ বজাৰ পৰা তেজপুৰৰ বিশিষ্ট নাগৰিক সকলৰ সৈতেও জিলা আয়ুক্তৰ সন্মিলন কক্ষত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ সামগ্ৰীক উন্নয়ন আৰু সমস্যাৱলীৰ সন্দৰ্ভত ভালে সংখ্যক বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় কৰি সমস্যাৱলী সমাধানৰ চেষ্টা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like