বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ “মোক ল’ৰা, বোৱাৰীয়ে খাবলৈ, থাকিবলৈ নিদিয়ে, মোক বিনা কাৰণত মাৰধৰ কৰে….” সাংবাদিকৰ আগত হুকহুকাই কান্দি এই কথা অকপটে স্বীকাৰ কৰে এগৰাকী মাতৃয়ে ৷ কিমান নিষ্ঠুৰ হ’লে নিজ ঔৰসজাত সন্তানে নিজ মাতৃৰ লগত এনে পশুৰ দৰে আচৰণ কৰিব পাৰে! অসমীয়াত এষাৰ কথা আছে “আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন”! মাতৃৰ মমতাৰ লগত একোৰে তুলনা নহয় ৷ কিন্তু সেইগৰাকী মাতৃয়ে যেতিয়া নিজ পুত্ৰৰ পৰা অৱেহিলত তাতোকৈ দুখৰ কথা আৰু একোৱেই হ’ব নোৱাৰে ৷ এইবাৰ গোলাঘাট জিলাত পুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ এগৰাকী অসহায় মাতৃয়ে সহায় ভিক্ষা বিচাৰিবলগীয়া হৈছে ৷ বৃদ্ধা আইতাগৰাকীৰ বয়স প্ৰায় চাৰি কুৰি, হাতৰ লাখুটিডালত ভৰ দি কোনোমতে থৰক বৰককৈ খোজ কাঢ়ে আইতা গৰাকীয়ে ৷ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ১নং ওল্টাজানৰ বাসিন্দা এই আইতাগৰাকীৰ নাম কিৰণ গগৈ৷ কিৰণ গগৈৰ দুটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল ৷ বিগত প্ৰায় এবছৰৰ পৰা তেওঁক জ্যেষ্ঠ পুত্ৰ শৰৎ গগৈ আৰু ডাঙৰ বোৱাৰী লকুমণি গগৈয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীয়ে। তাৰ পিচতে আইতাগৰাকীয়ে অত্যাচাৰ সহ্য কৰিব নোৱাৰি কিছুকাল সৰু বোৱাৰী আৰু কন্যাৰ সৈতে বসবাস কৰিছিল যদিও পুনৰ বৰপুত্ৰ আৰু বোৱাৰীয়েকে তেওঁক তেওঁলোকৰ লগত লৈ যায়। আইতাগৰাকীয়ে জনোৱা অনুসৰি, তেওঁক এই অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মূলতে সম্পত্তিৰ লোভ। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিশা উজাগৰে থাকিবলগীয়া হৈছে বৃদ্ধাগৰাকী। অৱশেষত দুৰ্ভগীয়া আইতাগৰাকীয়ে এই নিৰ্যাতন সহিব নোৱাৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে বগীজান আৰক্ষী থানাক বহুবাৰ অৱগত কৰাৰ পাছতো বগীজান আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীয়ে। আৰক্ষীৰ পৰা কোনো সহাঁৰি নোপোৱাৰ পাছত বৃদ্ধাগৰাকীয়ে গোলাঘাট জিলা আয়ুক্তক সাক্ষাৎ কৰি লিখিত অভিযোগ দাখিল কৰিছিল যদিও জিলা আয়ুক্তৰ পৰাও কোনোধৰণৰ সহাঁৰি লাভ কৰা নাই বুলি জানিবলৈ দিয়ে। উপায়ন্তৰ হৈ সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হয় বৃদ্ধাগৰাকী। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, নিজৰ জন্মদাত্ৰী মাতৃৰ ওপৰত চলোৱা পাষাণ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে জিলা আয়ুক্ত তথা আৰক্ষী প্ৰশাসনে?
প্ৰেৰক দিগন্ত কুমাৰ বৰা