নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিৰ বিজেপিত যোগদান

🟢বশিষ্ঠত ৰাজ্যিক বিজেপিত বৃহৎ যোগদান কার্যসূচী

🟢কিৰিপ চলিহাৰ পুত্র অর্কশিষ চলিহাৰো আনুষ্ঠানিক যোগদান

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ আজি শাসকীয় বিজেপিত যোগ দিয়ে আছুৰ প্রাক্তন সাংগঠনিক সম্পাদকসহ তিনি শতাধিক যুৱক-যুৱতী৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এই উদ্দেশ্যে আয়োজন কৰা এক অনুষ্ঠানত সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, ছাত্র সংগঠনটোৰ কেইবাখনো সাংগঠনিক জিলাৰ প্রাক্তন বিষয়ববীয়া, প্রাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্র অর্কশিষ চলিহাৰ লগতে প্রায় তিনি শতাধিক যুৱক–যুৱতীয়ে আজি বিজেপিত যোগদান কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দলৰ উপ-সভানেত্রী বিজুলী কলিতা মেধি, সম্পাদিকা অপৰাজিতা ভূঞা, মুখপাত্র সুভাষ দত্ত, ৰাজ্যিক যুৱ মর্চাৰ সাধাৰণ সম্পাদক তাপস কলিতাৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য যে লোকসভা নির্বাচনৰ প্রাকক্ষণত ৰাজনৈতিক দলত যোগদানৰ কার্যসূচী ৰূপায়ণ হোৱা ব্যাপকভাৱে পৰিলক্ষিত হৈছে৷ বিৰোধী কংগ্রেছে শেহতীয়াকৈ দলত বহু নেতা-কর্মীক যোগদান কৰোৱাৰ পিছত শাসকীয় দলেও এখনৰ পাছত আনখনকৈ আৰম্ভ কৰিছে যোগদান কার্যসূচী৷ ইফালে, আজি আছুৰ নেতা-কর্মী যোগদানক লৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিজেপিয়ে কোনো নেতা, সমাজকর্মী অথবা ব্যক্তি বিশেষক যোগদানৰ বাবে আমন্ত্রণ নিদিয়ে অথবা হেঁচা প্রয়োগ নকৰে৷ বিজেপিৰ আদর্শ-নীতিৰ প্রতি আকৃষ্ট হৈ যদি কোনোবাই দললৈ আহিব বিচাৰে, তেন্তে তাক দলে আঁকোৱালি ল’ব৷ ইফালে, আছুৰ প্রাক্তন সভাপতি দীপাংক নাথৰ যোগদানৰ সন্দর্ভত সভাপতি ভৱেশ কলিতাই কয় যে ৰাজ্যৰ প্রতিটো প্রান্ততে বিজেপিৰ কার্যকর্তাসকলে দলৰ হৈ কাম-কাজ কৰি আছে৷ এনে কাম-কাজত আকৃষ্ট হৈ কোনোবাই দললৈ আহিব বিচাৰিলে তাক আদৰি লোৱা হ’ব৷ মন কৰিবলগীয়া যে আছুৰ প্রাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদানৰ বাবে দলৰ শীর্ষ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি ব্যাপক চর্চাৰ সৃষ্টি হৈছে৷ আনহাতে, আজি যোগদান কার্যসূচীত ভাষণ প্রদান কৰি সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমৰ উন্নয়নমুখী যাত্রাই ব্যাপক গতি লাভ কৰা বুলি উল্লেখ কৰাৰ লগতে ৰাজ্য চৰকাৰখনৰ কাম-কাজত জনগণ আশ্বস্ত হৈছে বুলিও কয়৷ এনে পৰিপ্রেক্ষিতত বিজেপিয়ে সমাজৰ প্রতিজন ব্যক্তিৰ অন্তৰত উচ্চ স্থান পাবলৈ সক্ষম হৈছে আৰু দলৰ নীতি-আদর্শক অন্তঃকৰণেৰে আদৰি লৈছে৷ আজি নতুনকৈ যোগদান কৰা প্রতিজন কার্যকর্তাকে ৰাষ্ট্র নির্মাণৰ যাত্রাত নিষ্ঠাসহকাৰে ব্রতী হ’বলৈ ৰাজ্যিক সভাপতিজনে আহ্বান জনায়৷

#বাৰ্তা ডেস্ক

You might also like