তুষাৰপাতত বিপৰ্যস্ত ছিকিম : আবদ্ধ ৮০০ পৰ্যটকক উদ্ধাৰ কৰিলে সেনাই
🔹 গৰম কাপোৰ-খাদ্য প্ৰদান সেনাৰ
বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : তুষাৰপাতত বিপৰ্যস্ত সমগ্ৰ ছিকিম। যাত্ৰাৰ সময়ত বৰফ পৰাৰ বাবে আবদ্ধ হৈ পৰে প্ৰায় এক হাজাৰ পৰ্যটক। ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে পূব ছিকিমৰ দুৰ্গম অঞ্চলৰ পৰা দিনটোৰ ভিতৰতে উদ্ধাৰৰ কাম কৰি নিৰাপদে উদ্ধাৰ কৰে ৮০০জন লোকক। তীব্ৰ শীতত নিথৰ হৈ থকা লোকসকলক সেনা বাহিনীৰ বেৰেকলৈ অনা হয়। প্ৰয়োজনীয় চিকিৎসাৰ উপৰি তেওঁলোকক গৰম কাপোৰ আৰু গৰম খাদ্য প্ৰদান কৰা হৈছে। উদ্ধাৰ কৰা পৰ্যটকসকলে সেনাৰ কাম-কাজৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ওখ পাহাৰীয়া অঞ্চলৰ সীমান্তৰ পহৰা দিয়াৰ উপৰি দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সেনা বাহিনী সদায় সষ্টম হৈ থাকে। ইয়াৰে কিছুমান শীতকালত অত্যধিক বৰফ পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত নিয়োজিত। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। পূব ছিকিমৰ উচ্চ অক্ষাংশত বৰফ তৰপ তৰপে জমা হৈছে। যাৰ বাবে তালৈ অহা পৰ্যটকসকলে এটাও বিন্দুও লৰচৰ কৰিব নোৱাৰিলে। বুধবাৰে নিশালৈকে ৮০০ লোকক উদ্ধাৰ কৰা হৈছে। সেনাৰ সূত্ৰৰ মতে, পূব ছিকিমৰ কিছু অংশত এতিয়াও প্ৰায় ৩০০ পৰ্যটক আবদ্ধ হৈ আছে। শীঘ্ৰে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে। বহু পৰ্য়টকে কয় যে সেনা জোৱান দেখিলে বিপদ শেষ হৈ যাব যেন লাগে। ইফালে, ছিকিমত এতিয়াও তুষাৰপাতৰ কঠিন পৰিস্থিতিত ত্ৰিশক্তি কৰ্পছে উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে।