নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব ৬ নং দফাৰ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা সন্দৰ্ভত চলি থকা বাতৰি সন্দৰ্ভত শনিবাৰে এক সংবাদমেলৰ জৰিয়তে চৰকাৰৰ স্থিতি স্পষ্ট কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে যে, অহা ২৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অসম কেবিনেটৰ উপস্থিতিত উচ্চস্তৰীয় সমিতিৰ পৰা গ্ৰহণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ।

উল্লেখ্য যে, অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হেমাহি কৰি অহা বুলি যি গুজব প্ৰচাৰ হৈছিল সেই সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিখনে প্ৰতিবেদন দাখিল কৰিবলৈ দিল্লীত পৰ দি থকা বুলি যি বাতৰি উলিয়াইছিল সেয়া মুখৰোচক এক বাতৰি বুলিহে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।  অহা ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে অসম কেবিনেটৰ উপস্থিতি অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পাচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like