বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। শক্তি সংৰক্ষণৰ দৃষ্টান্তমূলক প্ৰচেষ্টাৰ বাবে গুৱাহাটী শোধনাগাৰক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা (NECA) ২০২৩ প্রদান কৰে। ১৪ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক বর্ণাঢ্য অনুষ্ঠানত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে ইণ্ডিয়ান অইলৰ অধ্যক্ষ এছ এম বৈদ্যক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা (NECA) ২০২৩ প্ৰদান কৰে। গুৱাহাটী শোধনাগাৰে পেট্র’লিয়াম শোধন খণ্ডৰ প্ৰথম পুৰস্কাৰ লাভ কৰে। ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰক নির্দিষ্ট শক্তি ব্যৱহাৰৰ উন্নতি সাধন কৰা, বহনক্ষম পদ্ধতি গ্রহণ কৰা, বৈদ্যুতিক আৰু তাপ উভয়তে শক্তি সঞ্চয় সাধনৰ লগতে উদ্ভাৱনী শক্তি সংৰক্ষণ (ENCON) & NetZero পদক্ষেপৰ বাবে স্বীকৃতি প্রদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় শক্তি, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী আৰ কে সিং, কেন্দ্রীয় শক্তি আৰু গধুৰ উদ্যোগ ৰাজ্যিক মন্ত্রী কৃষণ পাল আৰু ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সচিব পংকজ আগৰৱালৰ উপস্থিতিত ৰাষ্ট্রপতিয়ে এই বঁটা প্ৰদান কৰে। বঁটা প্রদান অনুষ্ঠানত ইণ্ডিয়ান অইলৰ সঞ্চালক (শোধনাগাৰ) সুকলা মিস্ত্রী আৰু গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক আৰু শোধনাগাৰৰ মুৰব্বী জি কে গয়াৰী উপস্থিত আছিল। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ শক্তি মন্ত্রালয়ে প্রতি বছৰে দেশত শক্তি সংৰক্ষণৰ ক্ষেত্ৰত প্রতিষ্ঠানসমূহে কৰা দৃষ্টান্তমূলক প্রচেষ্টাক স্বীকৃতি প্রদান কৰে।