নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত দৰিদ্ৰ কৃষকৰ ধানৰ দ’মত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ খুদিমাৰী অঞ্চলৰ এগৰাকী দৰিদ্ৰ খেতিয়কে মৰণা মৰাৰ বাবে জমা কৰি ৰখা ধানৰ দ’মত যোৱানিশা কোনো দৃষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, খুদিমাৰী অঞ্চলৰ বাসিন্দা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ প্ৰায় তিনি বিঘা ভূমিত ওচমান আলী নামৰ দৰিদ্ৰ কৃষক এগৰাকীয়ে চুক্তি হিচাপে লৈ শালি ধানৰ খেতি কৰিছিল। খেতিৰ ধান পকাৰ পিছত কৃষকগৰাকীয়ে কালি দিনৰ ভাগত ধানবোৰ কাটি খেতিপথাৰত মৰণা মৰাৰ বাবে জমা কৰি ৰাখিছিল। কিন্তু যোৱানিশা কৃষকগৰাকীৰ সেই ধানৰ দ’মত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। গৌৰীপুৰৰ দাওভাঙি নিৰীক্ষণ চকীৰ আৰক্ষীৰ এটি দলে নৈশ পহৰাৰ সময়ত খেতিপথাৰ এখনত দাওদাওকৈ জুই জ্বলি উঠা প্ৰত্যক্ষ কৰে আৰু ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীলৈ আহি অগ্নিনিৰ্বাপক বাহিনীৰ এটি দলে জুই নিৰ্বাপণ কৰে যদিও কৃষকগৰাকীয়ে জমা কৰি ৰখা সেই ধান গছৰ দ’মটো সম্পূৰ্ণ ৰূপে নষ্ট হৈ যায়। অশেষ পৰিশ্ৰমেৰে কৰা ধানখিনি এইদৰে নষ্ট হোৱাৰ পিছত এতিয়া গোটেই বছৰটো কিদৰে নিজৰ পৰিয়ালক পোহপাল দিব, সেই  লৈ মূৰত সৰগ ভাগি পৰিছে ওচমান আলীৰ। ইপিনে, ধান চপাবৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি নষ্ট কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত আৰু শীঘ্ৰে দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনাইছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like