নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত অঞ্চলবাসী

🔹 স্কুলগৃহ-বাসগৃহ লণ্ডভণ্ড

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ উপদ্ৰৱ হোজাইত অব্যাহত আছে । যোৱানিশা বন্যহস্তীয়ে হোজাই হাৱাইপুৰ অঞ্চলত উপদ্ৰৱ চলাই চাৰিটাকৈ বাসগৃহ, স্কুল ভঙাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। হাতী জাকৰ এটা হাতীয়ে নিশা বনাঞ্চলৰ পৰা ওলাই হাৱাইপুৰ গাঁৱত নিশা এঘাৰ মান বজাত চলায় এই উপদ্ৰৱ। বন্যহস্তীটোৱে অঞ্চলটোৰ চাৰিটা বাসগৃহৰ আংশিক ক্ষতি কৰাৰ লগতে ৰাজেন ইংহিৰ ভঁৰাল, বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। হাতীৰ আক্ৰমণৰ পৰা কোনোমতে পলায়ন কৰি প্ৰাণৰক্ষা কৰে ৰাজেন ইংহিৰ পৰিয়ালৰ লোকসকলে। বন্যহস্তীৰ উপদ্ৰৱত এতিয়া আতংকিত গাঁওবাসী তথা অঞ্চলবাসী যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।
প্ৰেৰক কিশলয় ডি গোস্বামী
You might also like