নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : নগাঁও মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত এখন প্ৰৱেশদ্বাৰ দেওবাৰে উন্মোচন কৰা হয়। এইখন মহাবিদ্যালয়ৰ তৃতীয়খন প্ৰৱেশদ্বাৰ। মহাবিদ্যালয়ৰ এলোমনি এছ’চিয়েচনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, পৰিচালনা সমিতিৰ সদস্য, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, মুহিৰাম শইকীয়াৰ পুত্ৰ সঞ্জীৱ শইকীয়া, ছাত্ৰ একতা সভাৰ সদস্যৰ লগতে নগাঁৱৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত শুভ উন্মোচন কৰা হয় এই তোৰণখনি। প্ৰথমতে মুহিৰাম শইকীয়াৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ নৌছাদ আখতাৰ হাজৰিকাই। গায়ন-বায়ন আৰু উপস্থিত মহিলাৰ মাংগলিক উৰুলি ধ্বনিৰ মাজেৰে ৰেখা শমাই উন্মোচন কৰে মুহিৰাম শইকীয়া সোঁৱৰণী তোৰণ। তাৰ পৰৱৰ্তী সময়ত উপস্থিত লোকসকলে নগাঁও মহাবিদ্যালয়ৰ সভাগৃহত এখন সভাৰ আয়োজন কৰে। এই সভাতেই মুহিৰাম শইকীয়া স্মৃতিগ্ৰন্থৰ শুভ উন্মোচন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৰৎ দত্তই। সভাৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। সেই সভাতেই উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ৰেখা শৰ্মা, সত্ৰীয়া সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰ, বিধায়ক ৰূপক শৰ্মাকে আদি কৰি মহাবিদ্যালয়ৰ লগত জড়িত বহুসংখ্যক লোক। উপস্থিতসকলে সভাতেই মুহিৰাম শইকীয়াৰ জীৱনৰ সংগ্ৰাম, অসমীয়া সমাজলৈ অৱদান, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ গুৰু দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ সমাজলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে, তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে। উক্ত সভাতেই বিধায়ক ৰূপক শৰ্মায়ো মুহিৰাম শইকীয়াৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে মুহিৰাম শইকীয়াই মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে যেনেদৰে কাম কৰিছিল, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ অনাগত দিনত নগাঁৱৰ বিধায়ক হিচাপে নগাঁও মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে।
প্ৰেৰক কনক হাজৰিকা