নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : কালি বিয়লি ধুবুৰীৰ বালুৰচৰস্থিত সীমান্ত ভৱনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত বিজয় দিৱস উদযাপন কৰা হয়। সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি দিবস অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিজয় দিৱসৰ সেই বিশেষ কাৰ্যক্ৰম ভাৰত মাতা পূজনেৰে আৰম্ভ হয়। উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহঃকাৰ্যবাহ পৰিতোষ ঘোষৰ ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে বিজয় দিৱসৰ সেই বিশেষ কাৰ্য্যসূচীৰ সমাপ্তি ঘটে। উল্লেখ্য যে সভাখনত স্থানীয় শিল্পী তথা সংগঠনটোৰ কাৰ্যকৰ্তা অপৰ্ণা দত্ত ঘোষে কেইবাটাও দেশভক্তিমূলক গীত পৰিৱেশন কৰে।
Prev Post
You might also like