🔹 ৰাইজে টানি-আঁজুৰি ৰাখিলে ঠিকাদাৰৰ কৰ্মচাৰীৰ মটৰচাইকেল
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত পাইকানা গাঁৱৰ জল জীৱন অভিযানৰ আঁচনিৰ পৰা যোৱানিশা কোনো দুষ্কৃতিকাৰীয়ে সামগ্ৰী চুৰি কৰিবলৈ চৌহদত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি যোৱানিশা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । এই সন্দৰ্ভত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, শনিবাৰে নিশা ৭.৪৫ মান বজাত দুষ্কৃতিকাৰীৰ দল এটাই কমলপুৰ সমষ্টিৰ এই আঁচনিৰ চৌহদৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি মটৰ ভাল্ভকে ধৰি কেতবোৰ যন্ত্ৰাংশ আদি খুলিবলৈ লয় । কিন্তু কাষেৰে যোৱা লোকে এই বিষয়ে উমান পাই চিঞৰ-বাখৰ কৰাত দুষ্কৃতিকাৰী দলটোৱে মটৰচাইকেলত উঠি পলায়নৰ চেষ্টা চলায়। উপস্থিত স্থানীয় লোকে এখন মটৰচাইকেল টানি-আঁজুৰি ৰাখিবলৈ সক্ষম হয় যদিও দুষ্কৃতিকাৰীকেইটাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় । জব্দকৃত এ এছ-২৫ ডব্লিউ-৮৫৭৭ পঞ্জীয়ন নম্বৰৰ মটৰচাইকেলখনৰ গৰাকী হৈছে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বৰহাজাৰৰ অবিনাশ ডেকা। ৰাইজে কৰা আন এক গুৰুতৰ অভিযোগ অনুসৰি মটৰচাইকেলখনৰ গৰাকীয়ে ঠিকাদাৰ অভিজিত কলিতাৰ অধীনত এই আঁচনিতে কাম কৰি আহিছে আৰু পূৰ্বতেও ইয়াত হোৱা বেটাৰী চুৰিতো ইয়াত কাম কৰা লোক জড়িত আছিল ৷ ইপিনে, এই ঘটনাৰ পিছত বহুতবাৰ ফোন কৰাৰ পিছতো ঠিকাদাৰজনে গুৰুত্ব নিদিয়াত ৰাইজ উত্তেজিত হৈ পৰে আৰু স্থানীয় চাংসাৰি থানাৰ আৰক্ষীক ঘটনাৰ বিষয়ে জনায় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মটৰচাইকেলখন চমজি লৈ চোৰক কৰায়ত্ত কৰাৰ আশ্বাস দিয়ে । আন এক অভিযোগ মতে, ঠিকাদাৰ অভিজিত কলিতাই ৰাইজৰ কথাত কোনো গুৰুত্ব নিদি চূড়ান্ত হেমাহি আৰু মইমতালিৰে জল জীৱনৰ কাম অতি লেহেমীয়া কৰি ৰাখি বহু সামগ্ৰীও অপচয় কৰিছে । যাৰ ফলত ৰাইজ প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ।
প্ৰেৰক অনুভৱ কুমাৰ