নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃত্য-গীতেৰে উথপথপ পাঠশালাৰ ভগৱতী ক্ষেত্ৰ

🔹 সাধনাৰ বাবে নিৰীক্ষণ-পৰ্যবেক্ষণৰ প্ৰয়োজন : তৰালি শৰ্মা

নিয়মীয়া বাৰ্তা,  ১৭ ডিচেম্বৰ : “আপোনালোকে যি শিকিছে, যি জানে, সেয়া সুন্দৰকৈ প্ৰদৰ্শন কৰক। আপোনালোকে নিজক বিচাৰ কৰিবলৈ এখন সুন্দৰ প্লেটফৰ্ম পাইছে। তাৰ সদ্ব্যৱহাৰ কৰক। এই চেষ্টা বা চৰ্চা সাধনাৰ এটা অংশহে। সাধনাৰ বাবে অবজাৰভেচনৰ দৰকাৰ। কেনেকৈ চিন্তা কৰে, কেনেকৈ খায়, কেনেকৈ পিন্ধে ইত্যাদি ইত্যাদি। আপোনালোকে সাধনাৰে আগবাঢ়ি যাওক, ভালে থাকক, কুশলে থাকক। জীৱনটো সংগীতময় হৈ পৰক!”- এই মন্তব্য তৰালি শৰ্মাৰ৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা চলি থকা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ পাটাছাৰকুছি সমষ্টিভিত্তিক প্ৰতিযোগিতাৰ আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিযোগীসকলক উদ্দেশ্য কৰি উক্ত মন্তব্য কৰে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট কণ্ঠশিল্পী তথা সংগীক পৰিচালক তৰালি শৰ্মাই৷ তুতুল মানৱে আঁত ধৰা অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যৰ গুৰু বজালীৰত্ন ৰামকৃষ্ণ তালুকদাৰে উপস্থিত থাকি নিজৰ লগতে বিশেষ বিশেষ ব্যক্তিত্বৰ উদাহৰণ দি প্ৰতিযোগীসকলক প্ৰতিভাক চাৰ্টিফিকেট-মাৰ্কশ্বীটেৰে জোখাৰ চেষ্টা নকৰিবলৈ আহ্বান জনাই কয় যে প্ৰতিভাৰ প্ৰকৃত মূল্যাংকন হয় প্ৰদৰ্শনৰ দ্বাৰাহে। আকৌ প্ৰতিভাক বিচাৰ কৰি সন্মান দিবও জানিব লাগিব৷ উল্লেখযোগ্য যে যোৱা ১৫ ডিচেম্বৰত বজালীৰ দেৱদাসী নৃত্যদলৰ দেৱদাসী নৃত্য প্ৰদৰ্শনেৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছিল পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ এই মহাসংগ্ৰামত পাটাছাৰকুছি সমষ্টিৰ পৰা মুঠ ৫৫০গৰাকী প্ৰতিযোগী নিৰ্বাচিত হৈছে৷ ইয়াৰে জ্যোতি সংগীতত ১০২গৰাকী, বিষ্ণু ৰাভা সংগীতত ১২৬গৰাকী, ৰবীন্দ্ৰ সংগীতত ৫৬গৰাকী, ভূপেন্দ্ৰ সংগীতত ১৩৮গৰাকী, বিহুনৃত্য (দলীয়)ত ৮৫গৰাকী আৰু পৰম্পৰাগত লোকনৃত্যত ৪৩গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হয় ৷

প্ৰেৰক কল্যাণ কলিতা

You might also like