নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে এতিয়া নিজকেই বিচাৰি পোৱা নাই : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

✔ডিমা হাচাওৰ নিৰ্বাচনত এশ শতাংশ আসনতে বিজয়ী হ’ম

✔কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিমা হাছাওৰ প্ৰাৰ্থী তালিকা হব নিশ্চিত

বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লোকসভা নিৰ্বাচনৰ আঢ়ৈ সমষ্টিৰ প্ৰসংগত পুনৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইবাৰ ডিব্ৰুগড়ত জয়ন্ত মল্লই কয় যে বিৰোধীৰ আঢ়ৈ সমষ্টিতো কংগ্রেছ নাই। চাওক, এটা কথা স্পষ্ট যে এতিয়া কংগ্ৰেছ দলে নিজকেই বিচাৰি পোৱা নাই। ডিব্ৰুগড়ৰ মোহনবাৰীত আজি সংকল্প যাত্রাৰ কাৰ্যসূচীত অংশগ্রহণৰ পাছতে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়- মুখ্যমন্ত্রীয়ে কোৱা চাৰে এঘাৰটা সমষ্টিত বিজেপি জিকি আছে। বাকী আঢ়ৈটা সমষ্টিৰ বিৰোধিতো কংগ্রেছ দল নাই। সেই আঢ়ৈটাত কৰবাত এআইইউডিএফ, কৰবাত বেলেগ আছে। গোটেই অসমত ১৪টা সমষ্টিত যদি চায়, তেন্তে কংগ্রেছ বিৰোধীৰ আসনত আছে বুলি ক’ব নোৱাৰি। আজিৰ তাৰিখত বিৰোধী মূল টাৰ্গেটোৱেই হৈছে, আমি যাক মিঞা মুছলমান, অনুপ্ৰৱেশকাৰী মুছলমান বুলি কওঁ, সেইখিনিয়েই টাৰ্গেট আৰু সেইখিনিৰ মাজত কৰবাত এআইইউডিএফ, কৰবাত জাতীয় পৰিষদ, কৰবাত ৰাইজৰ দল থাকে। গতিকে কংগ্রেছ ক’ত আছে তেওঁলোকেও নিজে বিচাৰি পোৱা নাই। মোৰ বোধেৰে কংগ্রেছ দলে এতিয়াও নিজৰ বিশ্লেষণ কৰিবলৈ শিকা নাই। কংগ্রেছে ইমানখন ৰাজ্য হৰাৰ পাছতো তেওঁলোকে আত্মগৌৰৱতে ওফন্দি আছে। গতিকে এই দলটোৰ ভৱিষ্যত আছে বুলি মই নাভাবো। ইফালে আগন্তুক ডিমা হাচাও নিৰ্বাচনৰ প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয় যে ডিমা হাচাও নিৰ্বাচনত আমি এশ শতাংশ আসনতে বিজয়ী হ’ম। আজিৰ তাৰিখত এনেকুৱা হৈছে বহু আসনত আমাৰ সৈতে প্ৰতিদ্বন্দিতাই নহয়। কাইলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিমা হাচাওৰ পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বৰ চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে নিৰ্বাচনৰ আনুষ্ঠানিক কামবিলাকত হাত দিয়া হব বুলি জয়ন্ত মল্ল বৰুৱাই আজি সাংবাদিকৰ আগত উল্লেখ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like