নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেটা পৰিয়ালৰ দুই বোৱাৰী একেদিনাই নিৰুদ্দেশ

🔹 জোনাই থানাত এজাহাৰ দাখিল পৰিয়ালৰ
নিয়মীয়া বাৰ্তা,  ১৯ ডিচেম্বৰ : জোনাইত একেটা পৰিয়ালৰে দুগৰাকীকৈ বোৱাৰী একেদিনাই নিৰুদ্দেশ হোৱা এক ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়াল তথা ৰাইজক। আজি প্রায় এসপ্তাহে নিৰুদ্দিষ্ট হৈ থকা বোৱাৰী দুগৰাকীয়ে এৰি থৈ যোৱা কণ কণ শিশু সন্তানে মাতৃক বিচাৰি সৃষ্টি কৰিছে এক হৃদয়বিদাৰক পৰিৱেশ। জানিব পৰা মতে জোনাইৰ ২নং ৰিগবি গাঁৱৰ একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰী যোৱা ১২ ডিচেম্বৰত একেলগে ওলাই গৈছিল জোনাই বজাৰলৈ বুলি। কিন্তু বজাৰলৈ বুলি ওলাই যোৱা বোৱাৰী দুগৰাকী সন্ধিয়ালৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰিবলৈ ধৰে সম্ভাব্য স্থানসমূহত। অসম-অৰুণাচলৰ সম্ভাব্য স্থানসমূহত পৰিয়ালৰ লোকে বিচাৰিছে যদিও আজি পর্যন্ত কোনো শুংসূত্র উলিয়াব পৰা নাই দুই নিৰুদ্দিষ্ট বোৱাৰীৰ। উপায়হীন হৈ পৰিয়ালে দুই বোৱাৰী নিৰুদ্দেশ সম্পর্কে জোনাই থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে। কোনোবা সদাশয় ব্যক্তিয়ে বোৱাৰী দুগৰাকীৰ কিবা সম্ভেদ পালে, কাষৰ আৰক্ষী থানা অথবা পৰিয়ালক জনাবলৈ ৰাইজলৈ জনাইছে কাতৰ আহ্বান।
প্ৰেৰক কৰবী দলে
You might also like