নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহমন্ত্রী শ্বাহৰে মুখ্যমন্ত্রী ড০ শর্মা–ৰিঅ’ৰ জৰুৰী বৈঠক

বিশেষ বার্তা, ১৯ ডিচেম্বৰ : আলোচনাপন্থী আলফাৰ লগতে এনএছচিএন (আইএম)ৰ সৈতেও আসন্ন লোকসভা নির্বাচনৰ পূর্বে শান্তি চুক্তি সম্পাদন কৰিবলৈ কুচকাৱাজ চলাই আছে কেন্দ্রীয় চৰকাৰে৷ এনএছচিএন (আইএম)ৰে শান্তি চুক্তি সম্পাদনৰ বিষয়টোক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকখনৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কালি অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক জৰুৰীভাৱে তলব কৰি নিয়ে৷ সংসদ ভৱনত থকা গৃহমন্ত্রীৰ কার্যালয়ত অনুষ্ঠিত বৈঠকখনত কেইবাদশকজোৰা নাগা সমস্যাৰ ঐতিহাসিক সমাধানৰ বাবে বিশেষ কিছুমান বিষয়ক লৈ আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ৰাজনৈতিক পর্যায়ত সমাধানৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নেডাৰ আহ্বায়ক হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অনানুষ্ঠানিকভাৱে দায়িত্ব প্রদান কৰিছে৷ সেই দায়িত্ব লাভৰ পাছৰে পৰা ড০ শর্মাই কেইবাবাৰো নাগালেণ্ডৰ মুখ্যমন্ত্রীৰ লগতে এনএছচিএন (আইএম)ৰ শীর্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মুখ্যমন্ত্রী ড০ শর্মাক নতুন দিল্লীলৈ মাতি পঠিওৱাৰ পাছতে তেওঁ ডিব্রুগড়ৰ পৰা জৰুৰীভাৱে দিল্লীত উপস্থিত হয়৷ সংসদ ভৱনত কেন্দ্রীয় গৃহমন্ত্রীৰ কার্যালয়ত বিয়লিৰ ভাগত চলা কেইবাঘণ্টাজোৰা বৈঠকৰ পাছত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই সামাজিক মাধ্যম ‘এক্স’ত উক্ত বৈঠকৰ কথা ৰাজহুৱা কৰি অসমৰ মুখ্যমন্ত্রী ড০ শর্মাৰ শলাগ লয়৷ নাগালেণ্ডৰ মুখ্যমন্ত্রী ৰিঅ’ই কয় যে নাগালেণ্ড তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ শান্তি আৰু উন্নয়নৰ প্রতি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা সদায় দায়বদ্ধ ৷ ৰিঅ’ই ইয়াৰ বাবে ড০ শর্মাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইপিনে, আলোচনাপন্থী আলফাৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া শান্তি চুক্তিক লৈও কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে আলোচনাত মিলিত হয়৷ উল্লেখ্য যে চলিত বছৰটোতেই আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি সম্পাদিত হ’ব বুলি যোৱা শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই নতুন দিল্লীত সাংবাদিকৰ আগত ব্যক্ত কৰিছিল৷ চুক্তিৰ খচৰা ইতিমধ্যে প্রস্তুত হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই খচৰাখনত কিছু ‘ফিনিশ্বিং টাচ’ দিবলৈ বাকী থকাৰ উল্লেখ কৰিছে৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ শর্মাই চলিত বছৰত কিম্বা নতুন বছৰৰ আৰম্ভণিতে আলফাৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি দৃঢ়তাৰে মত ব্যক্ত কৰিছে যদিও আলোচনাপন্থী আলফা নেতৃবৃন্দই এই সন্দর্ভত স্পষ্টকৈ একো ক’ব পৰা নাই৷ টেলিফোনত এই প্রতিবেদকৰ সৈতে হোৱা বার্তালাপত সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই বিষয়টোক লৈ সম্পূর্ণৰূপে অজ্ঞতা প্রকাশ কৰে৷ আনকি তেওঁলোকে চুক্তিৰ শেহতীয়া খচৰাখনো এতিয়ালৈ পোৱা নাই বুলি জানিবলৈ দিয়ে৷ অৱশ্যে মুখ্যমন্ত্রীয়ে খচৰাখন লাভ কৰিলেও তেওঁলোকেও চাব পাৰিব বুলি কয়৷ উল্লেখ্য যে চলিত বছৰৰ এপ্রিল মাহত শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্রই শান্তি চুক্তিৰ এখন খচৰা প্রদান কৰিছিল৷ কিন্তু সেই সময়ত আলফা নেতৃবৃন্দই উক্ত খচৰাখন প্রত্যাখ্যান কৰে৷ ইয়াৰ পাছত অক্টোবৰ মাহত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আন এখন খচৰা প্রদান কৰা হয়৷ উক্ত খচৰাত আলফাৰ তৰফৰ পৰা কিছুমান বিষয় কর্তন কৰাৰ লগতে আন কিছুমান বিষয় সংযোজন কৰাৰ দাবী উত্থাপন কৰে৷ মূলতঃ ৰাজনৈতিক অধিকাৰ সংক্রান্তত কিছুমান বিষয়ত জটিলতা আছিল৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে শেহতীয়াকৈ চূড়ান্ত কৰা খচৰাত উক্ত বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে নে নাই, সেয়া আলফা নেতৃবৃন্দই নাজানে বুলি চেতিয়াই উল্লেখ কৰে৷

You might also like