নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ পুৰুষ–মহিলাৰ সম–ন্যায় অবিহনে কোনো দেশ কিম্বা সমাজৰ সামগ্রিক বিকাশ সম্ভৱ নহয় ৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৷ নতুন দিল্লীত আয়োজিত আন্তর্জাতিক ন্যায়িক অভিৱর্তনত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰৰ প্রসংগ উল্লেখ কৰি লিংগ ন্যায় অবিহনে সামগ্রিক বিকাশ সম্ভৱ নহয় বুলি মন্তব্য কৰে ৷ আন্তর্জাতিক ন্যায়িক অভিৱর্তন ২০২০ৰ ‘ন্যায়িক ব্যৱস্থা আৰু পৰিৱর্তিত পৃথিৱী’ শীর্ষক কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাক ভূয়সী প্রশংসা কৰে ৷ দেশৰ উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ ভাৰসাম্য বর্তাই ৰখাত ন্যায়িক ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থকা বুলি কয় প্রধানমন্ত্রী মোদীয়ে ৷ লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ প্রসংগ উল্লেখ কৰি সামৰিক সেৱাত মহিলাৰ নিযুক্তি, যুদ্ধৰ বৈমানিক হিচাপে মহিলাৰ নির্বাচন আদিক আগস্থান দিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে ৷ সংবিধানৰ সমতাৰ অধিকাৰৰ অধীনত লিংগ ন্যায় নিশ্চিত কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্বৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম, যিখনে স্বাধীনতাৰ পাছৰে পৰা মহিলাক ভোটাধিকাৰ সাব্যস্ত কৰাটো নিশ্চিত কৰি আহিছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পাছত নির্বাচনত মহিলাৰ অংশগ্রহণ উচ্চস্তৰ পাইছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ দেশত প্রথমবাৰৰ বাবে শৈক্ষিক প্রতিষ্ঠানত ল’ৰাতকৈ কন্যাৰ নামভর্তি বৃদ্ধি পোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বর্তমান ভাৰত এনে এখন দেশ, যিখনে প্রসূতিৰ ছুটীত ধন আদায় দি আছে ৷ নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ৰ চৌহদত অনুষ্ঠিত অভিৱর্তনত প্রধানমন্ত্রী মোদীয়ে পৰিৱর্তিত সময়ৰ বাবে ন্যায়িক ব্যৱস্থাসমূহত ডাটা সুৰক্ষিত, চাইবাৰ অপৰাধৰ লেখীয়া নতুন প্রত্যাহ্বান আহি পৰা বুলিও কয়৷ এই অভিৱর্তনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই কয় যে ভাৰত হৈছে সংস্কৃতিৰ সংমিশ্রণ৷ মোগল, ডাট্ছ, পর্তুগীজ আৰু ইংৰাজৰ সংস্কৃতিও মিশ্রিত হৈ আছে৷ সংবিধানে শক্তিশালী আৰু স্বতন্ত্র ন্যায়িক ব্যৱস্থা সৃষ্টি কৰাৰ বাবে ন্যায়াধীশসকলে ইয়াৰ বুনিয়াদ ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ অভিৱর্তনত কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদো উপস্থিত থাকে ৷